নিউজ ডেস্ক: উৎকোচ গ্ৰহণ কৰি এইবাৰ ৰঙা ঘৰৰ আলহী হ’ল এগৰাকী আৰক্ষী বিষয়া। ধৃত আৰক্ষী বিষয়া গৰাকী হৈছে গোৱালপাৰাৰ মাটিয়া আৰক্ষী থানাৰ সহকাৰী উপ-পৰিদৰ্শক ছবিন পাল দাস।
প্ৰাপ্ত তথ্য মতে মাটিয়া আৰক্ষী থানাত ঘোচ লৈ থকাৰ অৱস্থাতে দুৰ্নীতি নিবাৰক শাখাৰ হাতত হাতে-লোটে গ্ৰেপ্তাৰ হয় উপ-পৰিদৰ্শকজন।
দুৰ্নীতি নিবাৰক শাখাৰ দলটোৱে বৰ্তমান দাসক জেৰা চলাই আছে বুলি জানিব পৰা গৈছে।
উল্লেখযোগ্য যে ৰাজ্যত বিগত দিনসমূহত ধাৰাবাহিকভাৱে বহু কেইজন চৰকাৰী বিষয়া-কৰ্মচাৰী উৎকোচ লৈ থকা অৱস্থাত দুৰ্নীতি নিবাৰক শাখাৰ হাতত গ্ৰেপ্তাৰ হৈছে।
লগতে পঢ়ক – নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত নীতি আয়োগৰ সপ্তম পৰিচালনা পৰিষদৰ বৈঠক সম্পন্ন