তিনিচুকীয়া : যোৱা কিছুদিনৰ পৰা নিখোজ হৈ থকা ডিব্ৰুগড় জিলাৰ অসম আৰক্ষীৰ এজন জোৱানে সশস্ত্ৰ বিদ্ৰোহী সংগঠন আলফা স্বাধীনত যোগদান কৰা বুলি খবৰ আহিছে।

প্ৰাপ্ত তথ্য মতে চাবুৱাৰ জেৰাই গাঁৱৰ কৌশিক গোহাঁই নামৰ অসম আৰক্ষীৰ জোৱানজন যোৱা ৩ জানুৱাৰীৰ পৰা নিজৰ বাসগৃহৰ পৰা নিখোজ হৈ আছিল। উল্লেখযোগ্য যে জেৰাই গাঁও আলফা স্বাধীনৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাৰো নিজা গাঁও।

এক নিৰ্ভৰযোগ্য সূত্ৰই ইষ্টম’জ’ক জনোৱা মতে মাকুম আৰক্ষী থানাত চাকৰি কৰি থকা গোহাঁই যোৱা শনিবাৰে ম্যানমাৰত থকা আলফা স্বাধীনৰ কেম্পত গৈ উপস্থিত হৈছে।

অসম আৰক্ষীৰ জোৱান কৌশিক গোহাঁই

লগতে পঢ়ক – বিশ্বনাথত পুনৰ এনকাউন্টাৰ! চিকিৎসালয়ত ড্ৰাগছ মাফিয়া শিৱা ভূঞা

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply