নিউজ ডেস্কঃ অসম আৰক্ষীত খালী হৈ থকা ৬৬৬২ (AB/UB) টা কনিষ্টবল পদৰ বাবে PST/PET অহা ০১.০৯.২০২১ তাৰিখৰ পৰা আৰম্ভ হ’ব।

প্রথম পৰ্যায়ত অসমৰ ১৫ খন জিলাৰ পৰা আৰম্ভ হ’ব এই প্রক্রিয়া।

পৰীক্ষাৰ বাবে অৱতীৰ্ণ হ’বলগীয়া প্ৰাৰ্থীসকলে ২০.০৮.২০২১ তাৰিখৰ পৰা প্ৰবেশপত্ৰ download কৰিব পাৰিব।

প্রথম পৰ্যায়ত বিশ্বনাথ, চিৰাং, দৰং, ধেমাজি, ধুবুৰী, হাইলাকান্দি, হোজাই, যোৰহাট, মৰিগাঁও, কামৰূপ (ম), কৰিমগঞ্জ, কাৰ্বি আংলং, শিৱসাগৰ, শোণিতপুৰ আৰু ওদালগুৰিত অনুস্থিত হ’ব পৰীক্ষা।

প্ৰাৰ্থী সকলে www.slprbassam.in এই ৱেবছাইটৰ পৰা প্ৰৱেশ-পত্ৰ সমূহ ডাউনলোড কৰিব পাৰিব।

পৰ্যায় ক্ৰমে বাকীকেইখন জিলাৰো আবেদন কৰা প্ৰাৰ্থী সকলৰ বাবে অনুস্থিত হ’ব পৰীক্ষা।তাৰ বাবে পৰৱৰ্তী সময়ত বিজ্ঞাপন প্ৰকাশ কৰিব।

লগতে চাওঁকঃ নিয়োগ বাৰ্তা : ATEPFO –ত ২৫ টা পদত নিযুক্তিৰ বাবে আৱেদন আহ্বান

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,027 other subscribers

Leave a comment

Leave a Reply