পল্লব মিলি, লখিমপুৰঃ লখিমপুৰত উপস্থিত অসম আৰক্ষীৰ RIDE OF PRIDE দল। অসম আৰক্ষীয়ে ‘ৰাষ্ট্ৰপতিৰ নিছানে’ৰ সন্মানেৰে সন্মানিত হোৱাত এই সফলতা উদ্‌যাপনৰ উদ্দেশ্যে অসম আৰক্ষীৰ RIDE OF PRIDE টীমে সমগ্ৰ অসম পৰিভ্ৰমণ কৰিছে।

উল্লেখ্য যে, আৰক্ষী বিষয়া অমিত মিশ্ৰৰ নেতৃত্বত এই অসম পৰিভ্ৰমণৰ বাবে অহা টীমটো আজি বিয়লি উপস্হিত হৈছে লখিমপুৰত। স্বাধীনতাৰ পিছত এই সন্মান লাভ কৰা অসম হৈছে ভাৰতবৰ্ষৰ ১০ নম্বৰ ৰাজ্য।

এছ পি আনন্দ মিশ্ৰৰ নেতৃত্বত অহা মটৰ চাইকেল ৰেলীৰ দলটি লখিমপুৰ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত উপস্থিত হৈ সম্ভাষণ গ্ৰহণ কৰে।

ইফালে, লখিমপুৰ জিলা আৰক্ষী অধীক্ষকৰ কাৰ্যলয়ত উপস্থিত হোৱাৰ পূৰ্বে লখিমপুৰৰ বান্দৰদেৱা আৰক্ষী থানাৰ আৰক্ষী দলে ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত আদৰণি জনায়। লখিমপুৰ জিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত অনুষ্ঠিত এক বৈঠকতে NCC কেডাৰ সকলৰ সৈতেও মত-বিনিময় কৰে আৰক্ষী বিষয়া আনন্দ মিশ্ৰই।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,870 other subscribers

Leave a comment

Leave a Reply