কমাৰগাঁও, চন্দন বৰা: গোলাঘাট জিলাৰ বিভিন্ন ঠাইত আজিও অব্যাহত আছে গৰুৰ চোৰাং সৰবৰাহ। মঙলবাৰে নিশা খুমটাইৰ সমীপৰ আধাৰসত্ৰত আৰক্ষীয়ে এখন ব’লেৰ পিক আপ বাহনৰ পৰা ১২ টা গৰু উদ্ধাৰ কৰে।
প্ৰাপ্ত তথ্য মতে, মঙলবাৰে নিশা গাঁওৰক্ষী বাহিনীয়ে পহৰা দি থকা অৱস্থাত এখন ব’লেৰ পিক আপ বাহন ৰখাবলৈ দিয়াত গাড়ীখনত ১২ টা গৰু প্ৰত্যক্ষ কৰি আৰক্ষীক খবৰ দিয়ে।
ঘটনাৰ খবৰ পাই ঘটনাস্থলীত ঢেকিয়াল আৰক্ষী উপস্থিত হৈ গৰুভৰ্তি বাহনখনৰ চালক গৰাকীক সোধাপোচা কৰাত তেওঁ গৰুসমূহ কঢ়িয়াই অনাৰ কোনো নথিপত্ৰ দেখুৱাবলৈ সক্ষম নহ’ল।
আৰক্ষী আৰু গাঁওৰক্ষী বাহিনীৰ জেৰাত চালকজনে গৰু বিলাক আধাৰসত্ৰৰ পাপু আলি নামৰ এজন লোকৰ নিৰ্দেশত গোলাঘাট হৈ নাগালেণ্ডৰ মেৰাপানীৰ সীমান্তৱৰ্তী অঞ্চললৈ নি আছিল বুলি স্বীকাৰ কৰে৷
চোৰাংকৈ নিশাৰ আন্ধাৰত গৰু কঢ়িয়াই নিয়া গাড়ীচালক ৰঙাজানৰ অজয় মুণ্ডাক আৰক্ষীয়ে আটক কৰে। ইফালে দীৰ্ঘদিনৰ পৰা গৰুৰ চোৰাং সৰবৰাহৰ সৈতে পাপু আলি জড়িত থকাৰ অভিযোগ স্থানীয় লোকৰ।
আৰক্ষীয়ে ঘটনাৰ তদন্ত আৰম্ভ কৰিছে যদিও গৰুৰ চোৰাং বেহাৰ সৈতে জড়িত পাপু আলি আৰু সহযোগীসকল কেতিয়া আৰক্ষীৰ জালত পৰিবই সেয়াহে সময়তহে দেখা যাব।
লগতে পঢ়ক – ফেক্ট-চেক: সামাজিক মাধ্যম, ফোন কল নিৰীক্ষণৰ বাবে ভাৰত চৰকাৰে নতুন নিয়ম আনিছে?