কোকৰাঝাৰ: অসম আৰক্ষীয়ে দেওবাৰে নিশা এক অভিযান চলাই কোকৰাঝাৰ জিলাৰ অসম-পশ্চিমবংগ সীমান্তত বৃহৎ পৰিমাণৰ গাঞ্জা জব্দ কৰে। ৩১চি নং ৰাষ্ট্ৰীয় ঘাইপথত এখন ট্ৰাকৰ পৰা আৰক্ষীয়ে জব্দ কৰে ৮১৫ কেঃজিঃ ওজনৰ ৭২ পেকেট গাঞ্জা।

আৰক্ষীয়ে ঘটনা সংক্ৰান্তত দুজন লোকক গ্ৰেপ্তাৰ কৰাৰ লগতে HR55-R-5137 নম্বৰৰ ট্ৰাকখন জব্দ কৰি ৰাখে।

প্ৰাপ্ত তথ্য মতে দেওবাৰে নিশা গোসাঁইগাঁৱৰ শিমলতাপু আৰক্ষী চকীৰ সমীপত এক তালাচী চকীত আৰক্ষীৰ এটা দলে ট্ৰাকখনৰ পৰা বৃহৎ পৰিমাণৰ গাঞ্জাখিনি জব্দ কৰিবলৈ সক্ষম হয়। ধৃত লোক দুজনক ট্ৰাকখনৰ চালক ৰাম বিশ্বাস আৰু হেণ্ডিমেন পিণ্টু মিশ্ৰ বুলি চিনাক্ত কৰা হৈছে, দুয়োজনৰে ঘৰ বিহাৰত বুলি আৰক্ষীয়ে জানিব দিয়ে। আৰক্ষীৰ মতে জব্দ কৰা গাঞ্জাখিনিৰ আন্তঃৰাষ্ট্ৰীয় বজাৰ মূল্য প্ৰায় ১ কোটি টকা হ’ব।

আনহাতে, কালি পিছ নিশা কোনো অচিনাক্ত দুৰ্বৃত্তই ট্ৰাকখন জ্বলাই পেলায়।

উল্লেখযোগ্য যে ইয়াৰ পূৰ্বেও যোৱা ২৯ এপ্ৰিলত শিমলতাপু আৰক্ষী চকীৰ সন্মুখত ৰখাই থোৱা অৱস্থাত ৰাজস্থানৰ পঞ্জীয়ন নম্বৰ থকা এখন ট্ৰাক অচিনাক্ত দুৰ্বৃত্তই একেদৰে জ্বলাই পেলাইছিল। উক্ত ট্ৰাকখনৰ পৰা আৰক্ষীয়ে ২৫ কোটি টকাৰ ড্ৰাগছজাতীয় সামগ্ৰী জব্দ কৰিছিল।

লগতে পঢ়ক – সমন্বয় সমাজ কল্যাণ যুৱ সন্থাৰ উদ্যোগত মাৰ্ঘেৰিটাত কৃতী ছাত্ৰ-ছাত্ৰীক বিশেষ সম্বৰ্ধনা

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,873 other subscribers

Leave a comment

Leave a Reply