পলাশবাৰী : পলাশবাৰী নগৰ আৰক্ষীৰ ভাৰপ্ৰাপ্ত বিষয়া মনমোহন দাসৰ নেতৃত্বত পলাশবাৰী-উপৰহালী পথত AS01 DD 5521আৰু AS01 DD 8367 নম্বৰৰ দুখন চালান বিহীন মাটি ভৰ্তি ডাম্পাৰ জব্দ কৰে ৷

পাহাৰৰ ৰঙামাটি ভৰ্ত্তি চালান বিহীন ডাম্পাৰৰ দৌৰাত্মই অতিষ্ঠ কৰি তুলিছে দক্ষিণ কামৰূপৰ পলাশবাৰী-উপৰহালী পথৰে চলাচল কৰা স্কুল কলেজৰ ল’ৰা-ছোৱালী ,পথাচাৰীৰ লগতে স্থানীয় বাসিন্দাক ৷

আনহাতে দিনে-ৰাতিয়ে চলা চালানবিহীন এই ডাম্পাৰসমূহৰ পৰা চৰকাৰে হেৰুৱাই আহিছে কোটি কোটি টকাৰ ৰাজহ।

ইতিমধ্যে স্থানীয় সচেতন নাগৰিক, দল-সংগঠনসমূহে অভিযোগ দিয়াৰ সমান্তৰালভাৱে সংবাদ মাধ্যম সমূহেও এই সন্দৰ্ভত কেইবা বাৰ বাতৰি প্ৰচাৰ কৰি আহিছে।

এই অঞ্চলটোত পৱন আগৰৱাল নামৰ এজন অনা-অসমীয়া ব্যক্তিয়ে হিতেশ কলিতা ওৰফে ধন নামৰ এজন স্থানীয় লোকৰ নেতৃত্বত চলাই আহিছে চালান বিহীন পাহাৰৰ ৰঙামাটি ভৰ্তি ডাম্পাৰৰ বেহা ৷

আজি পলাশবাৰী নগৰ আৰক্ষীয়ে এখন গাড়ী জব্দ কৰিছে যদিও বাতৰি সংগ্ৰহ কৰা সময়লৈকে এতিয়াও ২০-৩০ গাড়ীয়ে ধাৰাবাহিক চালানবিহীন ভাৱে মাটি কঢ়িয়াইয়েই আছে ৷

ইয়াৰ পৰা অনুমেয় গৃহ বিভাগৰ দায়িত্বত থকা মুখ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আৰক্ষী বিভাগলৈ ভয় নকৰে পৱন আগৰৱালৰ দৰে ব্যৱসায়ীয়ে।

লগতে পঢ়ক :

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply