নিউজ ডেস্ক: অসম আৰক্ষীয়ে কাৰ্বি আংলং জিলাৰ খাটখটিত এজন যুৱকৰ পৰা ৬৮৫ গ্ৰাম হেৰোইন জব্দ কৰে। আৰক্ষী সূত্ৰই জনোৱা মতে শুকুৰবাৰে নিশা খটখটি আৰক্ষী থানাৰ অন্তৰ্গত মাটিপুল ৰে’লপথৰ কাষেৰে খোজ কাঢ়ি গৈ থকাৰ অৱস্থাত হেৰোইনসহ যুৱকজনক আটক কৰা হয়। ধৃত লোকজনৰ উদ্ধাৰ কৰা হেৰোইখিনিৰ মূল্য প্ৰায় ১ কোটি টকা হ’ব বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।
বোকাজান মহকুমা আৰক্ষী বিষয়া জন দাসে জনোৱা মতে এক সূত্ৰৰ পৰা পোৱা খবৰৰ ভিত্তিত আৰক্ষীৰ দলে অভিযান চলাই যুৱকজনক আটক কৰিবলৈ সক্ষম হয়। “তালাচীত যুৱকজনৰ পৰা ৫৫ টা চাবোনৰ বাকচত ভৰাই অনা 685 গ্ৰাম হেৰোইন জব্দ কৰা হয়,” তেওঁ কয়।
ধৃত যুৱকজনক মণিপুৰৰ বিষ্ণুপুৰ জিলাৰ কোৱাকটা গাঁৱৰ আব্দুল জয়নালৰ পুত্ৰ ২১ বছৰীয়া নৱাজ খান বুলি চিনাক্ত কৰা হৈছে।
নাগালেণ্ডৰ পৰা অসমত প্ৰৱেশ কৰি যুৱকজনে বোকাজানত হেৰোইনখিনি যোগান ধৰাৰ উদ্দেশ্যে ট্ৰেইন লাইনৰ কাষেৰে খোজ কাঢ়ি গৈ আছিল বুলি দাসে লগতে কয়।
উল্লেখযোগ্য যে নাগালেণ্ডৰ পৰা অসমলৈ ড্ৰাগছ তথা অন্যান্য চোৰাং সামগ্ৰীৰ সৰবৰাহ ৰোধ কৰিবলৈ অসম আৰক্ষীয়ে কাৰ্বি আংলঙৰ খাটখতি আৰু দিলাইৰ চেকপইণ্টত তালাচী অভিযান কটকটীয়া কৰি তুলিছে যাৰ ফলত চোৰাং ব্যৱসায়ীসকলে ৰাজ্যখনৰ মাজেৰে ড্ৰাগছ সৰবৰাহৰ নতুন কৌশল অৱলম্বন কৰিবলৈ বাধ্য কৰিছে।
লগতে পঢ়ক – শিলচৰ মেডিকেল কলেজত সাংবাদিকক প্ৰহাৰ