নিউজ ডেস্কঃ অসম চৰকাৰে নাগৰিক আৰু আইন বলৱৎকাৰী মাজত সুসম্পৰ্ক গঢ়িবলৈ অসম সেৱা সেতু পৰ্টেলৰ ব্যৱস্থা কৰিছে। দুদিনীয়া কাৰ্যসূচীৰে অসম ভ্ৰমণৰ বাবে আহিবলগীয়া কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি বিয়লি শংকৰদেৱ কলাক্ষেত্ৰত উক্ত অসম সেৱা সেতু পৰ্টেলটোৰ উন্মোচন কৰিব। স্বচ্ছ, সহজলভ্য আৰু সামূহিক যোগাযোগৰ বাবে নাগৰিক সেৱাসমূহ লাভ কৰিবলৈ উক্ত পৰ্টেলটোৰ ব্যৱস্থা কৰা হৈছে।

পৰ্টেলটোৰ দ্বাৰা নাগৰিকে ই-অভিযোগ, ই-এফ আই আৰ, ৰাজহুৱা অভিযোগ নিৰাময়, সেৱা অভিযোগ নিৰাময়, জ্যেষ্ঠ নাগৰিকৰ পঞ্জীয়ন, চৰকাৰী নিয়োগ পৰীক্ষণ, ব্যক্তিগত নিয়োগ বাবে সত্যাপন, ভাড়াতীয়া আৰু পি জি সত্যাপন, ঘৰুৱা সহায়কৰ প্ৰামাণিকৰণ, নিৰুদ্দিষ্ট হোৱা ব্যক্তিৰ গোচৰ, শিশু সম্পৰ্কীয় অভিযোগ, হেৰুওৱা আৰু প্ৰাপ্তি সম্পত্তি, সাংস্কৃতিক অনুষ্ঠানৰ বাবে অনুমতি, ৰাজনৈতিক অনুষ্ঠানৰ বাবে অনুমতি, ক্রীড়া অনুষ্ঠানৰ বাবে অনুমতি, ধর্মীয় অনুষ্ঠানৰ বাবে অনুমতি, সামাজিক সজাগতা অনুষ্ঠানৰ বাবে অনুমতি, মনোৰঞ্জন তথা বাণিজ্যিক অনুষ্ঠানৰ বাবে অনুমতি, ড্ৰোণৰ বাবে অনুমতি, বাণিজ্যিক নির্মাণকাৰ্যৰ বাবে আৰক্ষীৰ ক্লিয়াৰেন্স, পেট্রল পাম্প/গেছ এজেন্সীৰ বাবে আৰক্ষীৰ ক্লিয়াৰেন্স, বিস্ফোৰক সামগ্ৰীৰ স্থানান্তৰণ আৰু সংৰক্ষণৰ বাবে আৰক্ষীৰ অনুমোদন, আতচবাজী, অস্থায়ী বাৰৰ অনুজ্ঞাপত্ৰৰ বাবে অনুমতি, পাছপৰ্ট সেৱা আৰু নাগৰিকৰ মতামত আদি সুবিধা গ্ৰহণ কৰিব পাৰিব।

উল্লেখ্য যে, অসমীয়া, ইংৰাজী আৰু বাংলা ভাষাত উপলব্ধ হ’বলগীয়া নাগৰিকসকলে polcitizen.assam.gov.in -ত পঞ্জীয়ন আৰু লগ ইন কৰিব পাৰিব।

লগতে পঢ়ক – কৰোনা ভাইৰাছৰ নতুন প্ৰকাৰ আহিব পাৰে, অধিক মাৰাত্মক মহামাৰীৰ বাবে সাজু থাকক – WHO

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,218 other subscribers

Leave a comment

Leave a Reply