নিউজ ডেস্কঃ গুৱাহাটী পৌৰসভা নিৰ্বাচনৰ ফলাফল দিনটোতে কামৰূপ (মেট্ৰ’)ত অনুষ্ঠিত হৈ যায় অসম আৰক্ষীৰ উপ পৰিদৰ্শকৰ বাবে সংযুক্ত লিখিত পৰীক্ষা। কিন্তু তাৰ মাজতে এই পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল হৈ পৰিছে। ছ’চিয়েল মিডিয়াত ইতিমধ্যে ফাদিল হৈছে অসম আৰক্ষীৰ উপ পৰিদৰ্শকৰ বাবে পৰীক্ষাৰ্থীসকলে বহা পৰীক্ষাৰ প্ৰশ্নকাকত।
৩২০টা উপ পৰিদৰ্শকৰ পদত অসমৰ হাজাৰ হাজাৰ নিবনুৱা যুৱক-যুৱতীয়ে এই পৰীক্ষাত দেওবাৰে অৱতীৰ্ণ হয়। কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজতে পৰীক্ষাৰ্থীসকলে পৰীক্ষাত অৱতীৰ্ণ হয়। জানিব পৰা মতে, পৰীক্ষাৰ্থীসকলক মানী বেগ, বা আন বেগ পৰীক্ষা কেন্দ্ৰলৈ নিবলৈ দিয়া হোৱা নাই। তদুপৰি হাত ঘড়ী, বেল্ট আদি খুলি ৰখাৰ লগতে জোতা খুলিও পৰীক্ষাৰ্থীসকলৰ তালাচী কৰা হৈছে।
নিকা আৰু কোনো ভুল-ক্ৰুটি নথকাকৈ এইবাৰ উপ পৰিদৰ্শকৰ পৰীক্ষা অনুষ্ঠিত কৰিবলৈ অসম আৰক্ষীয়ে পাৰ্যমানে চেষ্টা চলাইছে যদিও তাৰ মাজতে কেনেকৈ এই প্ৰশ্নকাকত ফাদিল হ’ল সেয়াহে এক ডাঙৰ প্ৰশ্ন। আৰু এই বিষয়ত অসম আৰক্ষীয়ে কেনে ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব সেয়া হ’ব লক্ষণীয়।
উল্লেখযোগ্য যে, ৩২০ টা উপ পৰিদৰ্শকৰ খালী পদৰ বাবে আবেদন কৰাৰ অন্তিম তাৰিখ আছিল ২১ জানুৱাৰী, ২০২২। আৰু উক্ত পদসমূহৰ ৩১৪ টা পদ পুৰুষ আৰু ট্ৰান্সজেণ্ডাৰ সকলৰ বাবে আৰু ৬ টা পদ মহিলা প্ৰাৰ্থীৰ বাবে আছিল। এতিয়া পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল হোৱাৰ পাছত পৰীক্ষাৰ্থীসকলে পুনৰ পৰীক্ষা অনুষ্ঠিত হ’ব নেকি বুলিও প্ৰশ্ন কৰিছে।