নিউজ ডেস্কঃ ৰাজ্যিক পৰ্যায়ৰ আৰক্ষী নিযুক্তি বৰ্ডে অসম আৰক্ষীৰ উপ পৰিদৰ্শক আৰু কমাণ্ডো বেটেলিয়ানৰ উপ পৰিদৰ্শকৰ লিখিত পৰীক্ষাৰ ফলাফল ঘোষণা কৰিছে।
যোৱা ২৪ এপ্ৰিলত অসম আৰক্ষীয়ে অনুষ্ঠিত কৰা পৰীক্ষাত অৱতীৰ্ণ হোৱা পৰীক্ষাৰ্থীসকলে তেওঁলোকৰ ফলাফল চাব পাৰিব slprbassam.in ৱেবছাইটত।
এই পৰীক্ষাত উত্তীৰ্ণ হোৱা প্ৰাৰ্থীসকলে Physical Endurance Test আৰু Physical Standard Test এই দুয়োটা ৰাউণ্ডত উত্তীৰ্ণ হ’ব লাগিব আৰু ইয়াৰ পাছতে চূড়ান্ত ফলাফল ঘোষণা কৰা হ’ব।

উল্লেখ্য যে, অহা ১৫ জুনৰ পৰা ১৭ জুনৰ ভিতৰত প্ৰাৰ্থীসকলে লাভ কৰিব এই পৰীক্ষাৰ এডমিট কাৰ্ডসমূহ।
আনুষ্ঠানিক জাননী অনুসৰি অসম আৰক্ষী পদত এছ আইৰ বাবে গুৱাহাটীৰ কাহিলীপাৰাৰ ৪ নং অসম আৰক্ষী বেটেলিয়নত পিএছটি আৰু পিইটি ৰাউণ্ড অনুষ্ঠিত হ’ব।
আনহাতে এছ আইৰ বাবে কমাণ্ডো বেটেলিয়নত পৰীক্ষা অনুষ্ঠিত হ’ব গুৱাহাটীৰ পানীখাইটিৰ কেন্দ্ৰীয় প্ৰশিক্ষণ প্ৰতিষ্ঠান (চিভিল ডিফেন্স এণ্ড হোমগাৰ্ডছ)ত।