গুৱহাটী : বহু চৰ্চিত মডেল ৰাজকন্যা বৰুৱাৰ দুৰ্ঘটনাৰ গোচৰৰ চাৰ্জশ্বিট দাখিল কৰা হৈছে। শুকুৰবাৰে দিছপুৰ আৰক্ষীয়ে আদালতত ডেৰ পেষ্ঠাজোৰা চাৰ্জশ্বিট দাখিল কৰে।
আনহাতে দিছপুৰ আৰক্ষীয়ে দাখিল কৰা উক্ত চাৰ্জশ্বিটত হোটেল তাজ ভিভাণ্টাৰ নাম নাই বুলি জানিব পৰা গৈছে।
উল্লেখযোগ্য যে যোৱা ১ অক্টোবৰৰ নিশা মহানগৰীৰ ৰাজপথত কাম কৰি থকা ৯ গৰাকী শ্ৰমিকক গাড়ীৰে মহটিয়াই সুৰাসক্ত অৱস্থাত থকা ৰাজকন্যা বৰুৱাই গুৰুতৰভাৱে আঘাটপ্ৰাপ্ত কৰিছিল।
ইয়াৰে এজন শ্ৰমিকৰ দুয়োখন ভৰি কাটিবলগীয়া অৱস্থা হৈছিল। দুৰ্ঘটনা সংঘটিত কৰাৰ ৫ দিন পিছত ৭ অক্টোবৰত তেওঁক মহানগৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে।
প্ৰাপ্ত তথ্য মতে মডেল গৰাকীক দিছপুৰ থানাই গ্ৰেপ্তাৰ কৰি জামিন দিয়া গোচৰ নং ৩৬৫৭/২১ অধীনত এই চাৰ্জশ্বিট দিয়া হৈছে। মুখ্য মন্ত্ৰীৰ হস্তক্ষেপত পুনৰ গ্ৰেপ্তাৰ (নং ৩৬১৬/২১) কৰা ঘটনাৰ এতিয়াও ছাৰ্জশ্বিট দাখিল কৰা নাই আৰক্ষীয়ে |
আনহাতে দুৰ্ঘটনাৰ পূৰ্বে ৰাজকন্যাই অংশগ্ৰহণ কৰি অহা পাৰ্টি আয়োজক পংকজ সাধনিদাৰ আৰু হোটেল তাজ ভিভান্তাৰ বিৰুদ্ধে নাম নাই এই চাৰ্জশ্বিটত। চিচিটিভি ফুটেজত সান্ধ্যআইন ভংগ কৰি তাজ ভিভান্তা হোটেলে পাৰ্টিৰ আয়োজন কৰি থকা বিষয়টো স্পষ্ট হোৱাৰ পিছতো হোটেলখনৰ লগতে ঠিকাদাৰ সাধনিদাৰৰ নাম নোসোমাল চাৰ্জশ্বিটত।
লগতে পঢ়ক : মিঠাতেলৰ অবিহনে দুঘন্টাৰো অধিক সময় ধৰি জ্বলি থাকিব এটি বিশেষ চাকি