গুৱাহাটীঃ ২০ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’ব পঞ্জাবৰ বিধানসভা নিৰ্বাচন।
পঞ্জাব বিধানসভা নিৰ্বাচনত নিৰাপত্তাৰ দায়িত্বত নিয়োজিত হ’ব অসম আৰক্ষীৰ এটা দল। সেয়েহে পুৱাই ৰে’লযোগে পঞ্জাবলৈ ৰাওনা হ’ল অসম আৰক্ষীৰ এটা বৃহৎ দল। অসম আৰক্ষীৰ বিশেষ সঞ্চালকপ্ৰধান জি পি সিঙে আৰক্ষীৰ দলটোক টুইটযোগে শুভেচ্ছা জনায়।
জি পি সিঙে টুইটাৰত শুভেচ্ছা জনাই লিখিছে – ”অসম আৰক্ষীৰ এটা দল পাঞ্জাবত নিৰ্বাচনী দায়িত্ব পালন কৰিবলৈ ৰাওনা হৈছে। আটাইকে শুভেচ্ছা জনালো।কৰ্মক্ষেত্ৰত আপোনালোকে নাম উজলোৱাৰ লগতে কঢ়িয়াই আনে যেন অলেখ ভাল লগা স্মৃতি। ”
উল্লেখ্য যে, ১০ মাৰ্চত হ’ব বিধানসভা নিৰ্বাচনৰ ভোটগণনা।