গুৱাহাটী : “স্মার্ট পুলিচিং”ৰ ক্ষেত্ৰত দেশৰ ভিতৰতে শীৰ্ষৰ তৃতীয় স্থান লাভ কৰিছে অসম আৰক্ষীয়ে। ইণ্ডিয়ান পুলিচ ফাউণ্ডেচনে “স্মার্ট পুলিচিং” সন্দৰ্ভত দেশৰ ৰাজ্য আৰু কেন্দ্রীয়শাসিত অঞ্চলসমূহত চলােৱা এক সমীক্ষাত এই তথ্য প্রকাশ পাইছে। মুঠ ১০ ৰ ভিতৰত ৭.৮৯ পইন্ট আহৰণ কৰি অসম আৰক্ষীয়ে এই স্বীকৃতি লাভ কৰিছে।
কেৰালা (৭.৫৩), গুজৰাট (৭.০৪), দিল্লী (৬.৮৫), তামিলনাড়ু (৬.৭৩), কণাটক (৬.৬৯) আৰু মহাৰাষ্ট্র (৬.২৫) ৰ দৰে ৰাজ্যসমূহকো চেৰ পেলাই অসম আৰক্ষীয়ে “স্মার্ট পুলিচিং”ৰ ক্ষেত্ৰত এই সন্মান বুটলিবলৈ সক্ষম হৈছে। আনহাতে, এই সমীক্ষাত প্রথম আৰু দ্বিতীয় স্থান লাভ কৰিছে ক্রমে অন্ধ্রপ্রদেশ (৮.১১) আৰু তেলেংগানা (৮.১০) ই। ইণ্ডিয়ান পুলিচ ফাউণ্ডেচনে “স্মার্ট পুলিচিং”ৰ কেবাটাও শিতানত এই সমীক্ষা চলাইছিল।
সমীক্ষা চলােৱা শিতানসমূহৰ বেছিভাগতেই অসম আৰক্ষীয়ে শীৰ্ষৰ তৃতীয় স্থান লাভ কৰিবলৈ সক্ষম হৈছে। এই সমূহৰ ভিতৰত সংবেদনশীলতা, কঠোৰ আৰু ভাল আচৰণ, নাগৰিকে তাৎক্ষণিকভাৱে লগ পােৱা, তাৎক্ষণিক প্রত্যুত্তৰ নাইবা সমিধান দিয়া, সহায় আৰু বন্ধুত্বসুলভ পুলিচিং, নিৰপেক্ষ আৰু আইনগত পুলিচিং, দ্বায়বদ্ধতা আদি বিভিন্ন শিতানত অসম আৰক্ষীয়ে তৃতীয় স্থান লাভ কৰিছে। ইণ্ডিয়ান পুলিচ ফাউণ্ডেচনে এই শিতানসমূহত দেশৰ আৰক্ষীক মূল্যায়ন কৰাৰ বাবে অনলাইন আৰু প্ৰ-পত্রযােগে এই সমীক্ষা চলাইছিল।
আই আই টি কানপুৰ, টাটা ইনষ্টিটিউট অব ছচিয়েল চায়েন্স-মুম্বাই (টি আই এছ এছ)কে ধৰি দেশৰ বিভিন্ন আগশাৰীৰ প্রতিষ্ঠানৰ বিশেষজ্ঞক এই সমীক্ষাত জড়িত কৰােৱা হৈছিল। ইণ্ডিয়ান পুলিচ ফাউণ্ডেচনৰ “স্মার্ট পুলিচিং” সমীক্ষাত দেশৰ ভিতৰত অসম আৰক্ষীয়ে শীৰ্ষৰ তৃতীয় স্থান দখল কৰিবলৈ সক্ষম হােৱা বাবে আৰক্ষী সঞ্চালকপ্রধান ভাস্কৰ জ্যোতি মহন্তই ৰাজ্যৰ আৰক্ষী বিভাগটোৰ প্ৰতিটো বৰ্গৰ বিষয়া-জোৱান-কর্মচাৰীক অভিনন্দন জনাইছে।
সঞ্চালক প্রধানগৰাকীয়ে অসম আৰক্ষীৰ এই সফলতাৰ বাবে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শমাৰ প্রতিও কৃতজ্ঞতা জ্ঞাপন কৰে। অসম আৰক্ষীক দেশৰ ভিতৰতে “স্মার্ট পুলিচিং”ৰ ক্ষেত্ৰত শীৰ্ষৰ তৃতীয় স্থানত প্রতিষ্ঠা কৰি আৰক্ষীৰ কাম-কাজৰ ওপৰত ৰাইজে সন্তুষ্টি আৰু বিশ্বাস প্রদর্শন কৰা বুলি সঞ্চালকপ্রধান মহন্তই মতপােষণ কৰে।
লগতে পঢ়ক : মহানগৰ আৰক্ষীয়ে পুনৰ লাভ কৰিলে বৃহৎ সাফল্য
তেওঁ কয় যে মুখ্যমন্ত্ৰীৰ সবল নেতৃত্ব আৰু দিহা-পৰামর্শমর্মে অসম আৰক্ষীয়ে ভৱিষ্যতৰ দিনবােৰতাে সকলাে ঘাত-প্রতিঘাত, প্রত্যাহ্বান নেওচি জনতাৰ হিতৰ বাবে নিষ্ঠাসহকাৰে কর্তব্য পালন কৰি যাব আৰু বিভাগটোৰ সুনাম অক্ষুন্ন ৰখাৰ বাবে অহােপুৰুষাৰ্থ কৰিব। প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে ২০১৪ চনত অসমত অনুষ্ঠিত দেশৰ আটাইকেইখন ৰাজ্যৰ সঞ্চালকপ্রধান সকলৰ সন্মিলনত “স্মার্ট পুলিচিং”ৰ ধাৰণা ব্যক্ত কৰিছিল। মূলতঃ দেশৰ আৰক্ষীক পদ্ধতিগতভাৱে সংস্কাৰ সাধন কৰি ৰাইজৰ প্রতি অধিক দায়বদ্ধ, আধুনিক, সতর্ক, আস্থাভাজন আৰু তাৎক্ষণিক প্রত্যুত্তৰ দিব পৰাকৈ সাজু কৰি তােলাটোৱেই আছিল “স্মার্ট পুলিচিং”ৰ মূল ধাৰণা।