অসম আৰক্ষীত আকৌ গুৰুত্বপূৰ্ণ সালসলনি
IPS খগেন জ্যোতি শইকীয়াক CIDৰ SP ৰূপে গুৱাহাটীলৈ বদলি কৰা হৈছে |
IPS শিলাদিত্য চেতিয়াক কাহিলিপাৰাৰ দশম বেটেলিয়ানত কামাণ্ডেণ্ট হিচাপে নিযুক্তি দিয়া হৈছে
IPS ড০ ধনঞ্জয় পৰশুৰামক ধেমাজিৰ পৰা শোণিতপুৰৰ আৰক্ষী অধীক্ষক হিচাপে বদলি |
শোণিতপুৰৰ আৰক্ষী অধীক্ষক মুগ্ধজ্যোতি মহন্তক, মাণ্ডাকাটাৰ কামান্ডো বেটেলিয়নৰ কামাণ্ডেণ্ট হিচাবে নিযুক্তি দিয়া হৈছে |
ধেমাজিৰ আৰক্ষী অধীক্ষক ৰূপে নিযুক্তি দিয়া হৈছে APS ৰঞ্জন ভূঞাক | আনহাতে APS অমৃত ভূঞাক অভয়াপুৰীৰ অষ্টম বেটেলিয়ানৰ কামাণ্ডেণ্ট ৰূপে নিযুক্তি দিছে |
APS হৰেকৃষ্ণ নাথক গুৱাহাটীৰ সুৰক্ষা আৰু চোৰাংচোৱাৰ DSP ৰূপে বদলি কৰা হৈছে মাকুমত থকা দ্বিতীয় বেটিয়ানৰ পৰা |
হৰেকৃষ্ণ নাথৰ স্থানত নিযুক্তি দিয়া হৈছে মৰিগাৱৰ আৰক্ষী অধীক্ষক APS ড০ নন্দ সিঙক | APS মানৱেন্দ্ৰ দেৱৰয়ক বঢ়মপুৰৰ নৱম বেটেলিয়ানৰ কামাণ্ডেণ্ট নিযুক্তি হৈছে |