নিউজ ডেস্কঃ ছাত্ৰবৃত্তিৰ ধন প্ৰৱঞ্চনাৰে হৰলুকী কৰা দুজন অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে বৰপেটা আৰক্ষীয়ে। ঈশান উদয় বৃত্তি আঁচনিৰ নামত কেলেংকাৰী সংঘটিত কৰা অভিযুক্ত দুজন জেহেৰুল ইছলাম আৰু হাবিবুৰ ৰহমান বুলি জানিব পৰা গৈছে।

সংবাদ মাধ্যমৰ সৈতে এক বাৰ্তালাপত অতিৰিক্ত আৰক্ষী অধীক্ষ প্ৰদীপ শইকীয়াই কয়, “২৮ অক্টোবৰত জালিয়াতিৰ সন্দৰ্ভত আমি এক তথ্য লাভ কৰিছিলো আৰু ইয়াৰ ওপৰত ভিত্তি কৰি অনুসন্ধান আৰম্ভ কৰা হৈছিল। ”

জানিব পৰা মতে, উক্ত অভিযুক্ত দুজনে ২০১৮ চনৰ পৰাই বৰপেটা-বঙাইগাঁও কলেজ, জনপ্ৰিয় কলেজ, বাণিয়াৰাপাৰা, কয়াকুছি কলেজ, হৰেন্দ্ৰ-চিত্ৰা কলেজ আৰু অভয়াপুৰীৰ চি কে কলেজৰ একাংশ ভুৱা ছাত্ৰৰ নামত জালিয়াতিৰে উলিয়াই নিছে ঈশান উদয় স্কলাৰশ্বিপৰ কোটি কোটি টকা ৷

লক্ষণীয়ভাৱে, ২০২২ চনত ছাত্ৰবৃত্তিৰ নামত আত্মসাৎ কৰা উক্ত ধন বৰ্তমান তদন্তৰ অধীনত আছে।মন কৰিবলগীয়া যে, ৭৫ শতাংশ নম্বৰৰ সৈতে উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱা শিক্ষাৰ্থীসকলক প্ৰতি বছৰে প্ৰায় ৬০,০০০ টকাৰ বৃত্তি প্ৰদান কৰা হয়। 

একেদৰে, কেন্দ্ৰীয় চৰকাৰৰ মানৱ সম্পদ মন্ত্ৰালয়ে ৰাজ্যখনৰ সংখ্যালঘু সম্প্ৰদায়ৰ মেধাৱী ছাত্ৰ–ছাত্ৰীসকলক ৰাজ্যৰ বাহিৰৰ একাংশ আগশাৰীৰ শিক্ষা প্ৰতিষ্ঠানত অধ্যয়নৰ বাবে কেন্দ্ৰীয় চৰকাৰে আগবঢ়ায় মেধাভিত্তিক স্কলাৰশ্বিপ ৷ এই দুষ্ট চক্ৰটোৱে ৰাজ্যখনৰ কিছুমান মহাবিদ্যালয়ৰ পাছৱৰ্ড আৰু অ’টিপি ব্যৱহাৰ কৰাৰ লগতে ছাত্ৰ-ছাত্ৰীৰ নামত মহাবিদ্যালয়ৰ অধ্যক্ষসকলৰ স্বাক্ষৰ জালিয়াতি কৰি আহিছে।

আনহাতে, দুই অভিযুক্তই বাংগালুৰুৰ নাথগিৰি মহাবিদ্যালয়, কৰ্ণাটকৰ মাদানী মহাবিদ্যালয়, কৰ্ণাটকৰ নাৰ্চাৰী বিজ্ঞান প্ৰতিষ্ঠানত অধ্যয়ন কৰা ছাত্ৰ-ছাত্ৰীৰ নামত ধন আত্মসাৎ কৰিছে।লক্ষণীয়ভাৱে, যোৱা কেইবা বছৰ ধৰি ৰাজ্যখনত শিপা গজগজীয়া কৰা এই চক্ৰটো উৎখাত কৰিবলৈ লগতে অভিযুক্তক কঠোৰ শাস্তি বিহিবলৈ দাবী উত্থাপন কৰিছে ৰাইজে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,841 other subscribers

Leave a comment

Leave a Reply Cancel reply