নিউজ ডেস্কঃ অসম বিধান সভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ চলি আছে। ১৩খন জিলাৰ ৩৯টা সমষ্টিত নিৰ্বাচন আয়োগৰ মতে দুপৰীয়া ১.৩০বজালৈ ৪৮.২৬শতাংশ ভোটদান সম্পন্ন।
ৰাজ্যখনৰ নগাওঁ সমষ্টিত ১.১০ বজালৈকে ৫৪.১০ শতাংশ ভোটদানৰ সৈতে সৰ্বাধিক ভোটদান সম্পন্ন হৈছে, আনহাতে জাগীৰোড সমষ্টিত মাত্ৰ ১৮.২০ শতাংশ ভোটদান সম্পন্ন হৈছে।
দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত ৩৪৫ জন প্ৰাৰ্থী অৱতীৰ্ণ হৈছে। ইয়াৰ ভিতৰত ১৭৬ জন নিৰ্দলীয় প্ৰাৰ্থী আছে |
সৰ্বাধিক প্ৰাৰ্থী আছে আলগাপুৰ সমষ্টিত ১৯ জন প্ৰাৰ্থী আছে সমষ্টিটোত। ওডালগুৰি সমষ্টিত আছে ২ জন প্ৰাৰ্থী আছে।
লামডিং সমষ্টিৰ বিধায়ক তথা বিজেপী মিত্ৰজোটৰ প্ৰাৰ্থী শিবু মিশ্ৰই লামডিং প্ৰণৱ বিদ্যাপীঠ বিদ্যালয়ৰ ২৩ নম্বৰ ভোটকেন্দ্ৰত পত্নী জীয়ৰী সহ ভোট প্ৰদান কৰে।

জয়ন্ত মল্ল বৰুৱাই পত্নীসহ নলবাৰীত ভোটদান কৰে।

নগাঁৱত প্ৰাক্তণ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী তথা বিজেপি নেতা ৰাজেন গোঁহাই ভোটদান কৰে।
প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত বিজেপি মিত্ৰজোঁটে ৪৭ খন আসনৰ ভিতৰত ৩৫ খন আসন পাব বুলি মন্তব্য কৰে গোঁহাইয়ে ।
বিজেপিয়ে নিসন্দেহে ৭৫তকৈ অধিক আসনেৰে চৰকাৰ গঠন কৰিব বুলি মন্তব্য প্ৰাক্তন সাংসদ গৰাকীৰ ।

এআইইউডিএফৰ সভাপতি বদৰুদ্দিন আজমলে হোজাইৰ ২১ নং ভোটকেন্দ্ৰত ভোটাধিকাৰ সাব্যস্ত কৰে।

জাগীৰোড বিধানসভা সমষ্টিৰ অন্তৰ্গত মৰাকলং প্ৰাথমিক বিদ্যালয়ৰ ভোটগ্ৰহণ কেন্দ্ৰত ভোটাধিকাৰ সাব্যস্ত কৰে পীয়ুষ হাজৰিকা আৰু আইমী বৰুৱাই।

নগাঁৱত ভোটাদান কৰে জনপ্ৰিয় কন্ঠশিল্পী অনিন্দিতা পালে।