ইষ্টম'জ' অসম
ইষ্টম'জ' অসম

নিউজ ডেস্কঃ অসম বিধানসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ ৩.৩০বজালৈ ৬৩.০৩শতাংশ ভোটদান সম্পন্ন হৈছে।

১৩খন জিলাৰ ৩৯টা সমষ্টিত শৃংখলাবদ্ধভাৱে চলি আছে ভোটদান প্ৰক্ৰিয়া। কলাইগাঁও সমষ্টিটোৰ বালিপোতা আদৰ্শ ভোটকেন্দ্ৰত পুৱাৰে পৰা ৰাইজৰ ভিৰ। কটকটীয়া নিৰাপত্তা থকা কেন্দ্ৰটো সজাই তোলা হৈছে সুন্দৰভাৱে। প্ৰতিজন ভোটাৰে মুখত মাস্ক পিন্ধি সাব্যস্ত কৰে ভোটাধিকাৰ।

মঙলদৈৰ বৰসত্ৰ ভোটগ্ৰহণ কেন্দ্ৰত ডেৰ শতাধিক অপৰিচিত লোকে ভোটদান কৰিবলৈ অহাক লৈ উত্তেজনাৰ সৃষ্টি হয়। ঘটনাস্থলীত চক্ৰ বিষয়া, অৰ্ধসামৰিক বাহিনী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে।

হোজাই সমষ্টিৰ ২৭১নং ভোটগ্ৰহণ কেন্দ্ৰত সপত্নীসহ ভোটদান কৰিলে শিলাদিত্য দেৱে চিষ্টাৰ নিবেদিতা গাৰ্লছ বিদ্যালয়ত।

আনফালে ভোট প্ৰদান কৰি কংগ্ৰেছ নেত্ৰী সুস্মিতা দেৱৰ চোকা সমালোচনা কৰে বিজেপিক। বৰাকৰ আটাইকেইখন আসনত মহাজোঁটৰ জয় নিশ্চিত বুলি মন্তব্য কৰে কংগ্ৰেছ নেত্ৰী গৰাকীয়ে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,027 other subscribers

Leave a comment

Leave a Reply