নিউজ ডেস্কঃ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত বিয়লী ৫ বজালৈকে ৭৩.০৩ শতাংশ ভোটদান সম্পন্ন হৈছে।
বৰ্তমানলৈকে সৰ্বাধিক ভোটদান হোৱা সমষ্টিটো হৈছে দলগাওঁ। বিয়লী ৫ বজালৈকে দলগাঁৱত ৮১.৭০শতাংশ ভোটদান হৈছে।
আৰু পঢ়কঃ ভোটগ্ৰহণ চলি থকাৰ মাজতে লাহৰীঘাটত উত্তপ্ত পৰিস্থিতি
আটাইতকৈ কম ভোটদান হৈছে যমুনামুখ সমষ্টিত। সমষ্টিটোত বৰ্তমানলৈকে ৬৩.৫৩ শতাংশ ভোটদান সম্পন্ন হৈছে ।
অসম বিধান সভাৰ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন চলি থকাৰ মাজতে ওদালগুৰিত ইভিএম বিসংগতিৰ ঘটনা সংঘটিত হয়।
আৰু পঢ়কঃ শোকাকুল পৰিৱেশত মাতৃক শেষ বিদায় লুৰিণ জ্যোতি গগৈৰ
গুমগাওঁ প্ৰাথমিক বিদ্যালয়ৰ ১৩৯ নম্বৰৰ ভোটগ্ৰহণ কেন্দ্ৰত এই বিসংগতি। ফলত বহু পলমকৈ অনুষ্ঠিত হয় ভোটগ্ৰহণ।
উক্ত কেন্দ্ৰটোতে ভোটদান কৰে সমষ্টিটোৰ ইউপিপিএল প্ৰাৰ্থী গোবিন্দ চন্দ্ৰ বসুমতাৰীয়ে।