সোণাৰি: সোণাৰিত পকী দলং নিৰ্মাণত ঠিকাদাৰৰ গাফিলতিৰ অভিযোগ। ঠিকাদাৰৰ গাফিলতিৰ বাবে চপৰা চপৰে খহিছে চাৰি কোটি টকাৰে নিৰ্মিত দলঙৰ পাৰ।

সোণাৰি নগৰৰ সমীপৱৰ্তী সেউজীয়া পাম অঞ্চলৰ ঐতিহাসিক টলি আলিৰ টিয়ক নদীৰ ওপৰত একমাত্ৰ ঠিকাদাৰৰ চৰম মইমতালিৰ বাবেই চাৰি কোটি চাৰি লাখ টকাৰে নিৰ্মাণ কৰা পকী দলংখনৰ উত্তৰ দিশত বৃহৎ গাঁতৰ সৃষ্টি হৈছে।

যাৰ ফলত দলংখনত যিকোনো মুহূৰ্ততে ভয়াৱহ দূৰ্ঘটনা সংঘটিত হোৱাৰ আশংকা কৰিছে স্থানীয় ৰাইজে।

আনহাতে বিগত কেইবাদিন ধৰি চলি থকা নেৰানেপেৰা বৰষুণৰ পৰিপ্ৰেক্ষিতত ফেনে ফুটুকাৰে ওফন্দি উঠা টিয়ক নদীৰ বাঢ়নী পানীয়েও দলং খনলৈ কঢ়িয়াই আনিছে ভাবুকি।

লগতে পঢ়ক – বিশ্বনাথত বনৰীয়া ম’হৰ আতংক

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,841 other subscribers

Leave a comment

Leave a Reply Cancel reply