টীয়ক : টীয়ক সমষ্টিৰ কাৱৈমাৰী জাঁজী মাথাউৰি পৰা টীয়ক সংযোগী ৯.৯০ কিঃমিঃ দৈঘ্যৰ জৰাজীৰ্ণ পথটোত নিৰ্মাণৰ পিছদিনাই এৰালে ব্লেক ট’পিং।
১,৩২,২৫,০৬৯ টকাৰে পথটো মেৰামতি লাভ কৰা ঠিকাদাৰে চূড়ান্ত মইমতালীৰে নিশা আন্ধাৰত চাফা নকৰাকৈ ব্লেক টপিং কৰাত পুৱা স্থানীয় ৰাইজে ব্লেক টপিং সমূহ উঠাই দিয়ে।
উল্লেখযোগ্য যে, নিশা স্থানীয় ৰাইজে পথ নিৰ্মাণত নিয়োজিত কৰ্মচাৰী তথা ঠিকাদাৰগৰাকীক নিশা এনেদৰে চাফা নকৰাকৈ পথটোত ব্লেক টেপিং নকৰিবলৈ আহ্বান জনাইছিল যদিও ৰাইজৰ কথাক আওকাণ কৰি পথটো নিৰ্মাণ কৰে।
ঠিকাদাৰ গৰাকীৰ এনে কাৰ্য্যত অসন্তুষ্ট স্থানীয় ৰাইজে বিভাগীয় বিষয়াৰ লগত ঠিকাদাৰ গৰাকীৰ গোপণ বুজাবুজি আছে বুলি সন্দেহ প্ৰকাশ কৰিছে।
ইপিনে ৰাজ্য চৰকাৰে পথ মেৰামতিৰ নামত কোটি কোটি টকা আবন্টন দিছে যদিও এনেদৰে বিভাগৰ একাংশ দ্বায়িত্বহীন বিষয়া ঠিকাদাৰৰ সৈতে মিতিৰিলিৰ ফল ভোগ কৰিছে সাধাৰণ জনতাই।
টীয়কৰ বিভিন্ন দল সংগঠন তথা স্থানীয় লোকসকলে ৰাইজৰ ধন এনেদৰে লুণ্ঠন নকৰিবলৈ ঠিকাদাৰ গৰাকীক সকিয়াই দিয়ে।
লগতে পঢ়ক : দক্ষিণ কামৰূপৰ জোৰশিমুলীত ড্ৰাগছসহ এজনক আটক