নিউজ ডেস্কঃ অসমৰ নিবনুৱা যুৱক-যুৱতীসকলৰ বাবে এক সুখবৰ। কিয়নো ৰাজ্যৰ ডাক বিভাগত মুকলি হৈছে সহস্ৰাধিক চাকৰি। জিডিএছ, পোষ্টমেন, মেইল গাৰ্ড, এমটিএছ, পোষ্টেল এছিচটেন্ট, ছৰ্টিং এছিচটেন্ট, ষ্টাফ ড্ৰাইভাৰৰ মুঠ ১১৪৩টা পদত চাকৰিৰ বাবে যুৱক-যুৱতীসকলে আৱেদন কৰিব পাৰিব।

এই চাকৰিসমূহত আৱেদন কৰিবলৈ দশম শ্ৰেণী উত্তীৰ্ণ হ’ব লাগিব। অৱশ্যে প্ৰতিটো পদৰ বাবে দশম শ্ৰেণীৰ লগতে আন কিছু শিক্ষাগত অৰ্হতাৰো প্ৰয়োজনীয়। এই পদসমূহত আৱেদন কৰিবলৈ বয়সৰ সময়সীমা ১৮ বছৰৰ পৰা ৪০ বছৰ সৰ্বাধিক।

ইফালে, এই পদসমূহত আৱেদন কৰিবলৈ জেনেৰেল তথা অবিচিয়ে ১০০ টকাকৈ আৱেদন মাচুল জমা কৰিব লাগিব। অৱশ্যে এছচি, এছটিৰ প্ৰাৰ্থীসকলে কোনো ধৰণৰ মাচুল দিব নালাগে।

ডাক বিভাগৰ এই পদসমূহত আৱেদন কৰিবলৈ প্ৰথমে আৱেদনকাৰীসকলে indiapostgdsonline.gov.in ৱেবছাইটলৈ গৈ তেওঁলোকৰ নথিপত্ৰ তথা আনবোৰ আৱেদন সম্পৰ্কীয় প্ৰক্ৰিয়া সম্পন্ন কৰিব লাগিব। উল্লেখ কৰাৰ প্ৰয়োজন যে, এই পদসমূহত আৱেদন কৰাৰ অন্তিম তাৰিখ ৫ জুন, ২০২২।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,868 other subscribers

Leave a comment

Leave a Reply