তেজপুৰঃতেজপুৰ বিদ্যুৎ সংমণ্ডলৰ প্ৰবঞ্চনা । ব্যৱহাৰৰ অনুপযোগী বৈদ্যুতিক বাল্ব বিতৰণ কৰি আছে তেজপুৰ বিদ্যুৎ সংমণ্ডলে।
ব্যৱহাৰ অনুপযোগী বাল্ব দিয়াৰ বাবে অভিযোগ কৰাত অকথ্য অভব্য আচৰণ কৰাৰ অভিযোগ উত্থাপন কৰিছে গ্ৰাহকে।
অসম শক্তি বিতৰণ কোম্পানী লিমিটেডে বিতৰণ কোম্পানীয়ে বাল্ব বিতৰণৰ বাবে বিল পৰিশোধ কৰিবলৈ গ্ৰাহকক জনাইছিল। গ্ৰাহকে নিজৰ বিলো পৰিশোধ কৰিছে কিন্তু তাৰ বিনিময়ত গ্ৰাহকক প্ৰদান কৰিছে ব্যৱহাৰৰ অনুপযোগী বাল্ব।
লগতে পঢ়কঃগুলী ফুটাই কাজিৰঙালৈ গঁড় খেদাৰ চেষ্টা বনকৰ্মীৰ
ইফালে,বহু ভিৰৰ মাজতো বহুলোকে পোৱা নাই বাল্ব। যদিহে এই বাল্ব চৰকাৰী আঁচনিৰ হয় তেন্তে কোম্পানীৰ বিল পৰিশোধৰ কথা কৈ কিয় বিতৰণ কৰিছে ইয়াকে লৈ গ্ৰাহকৰ মাজত প্ৰশ্নৰ উদ্ভৱ হৈছে।