নিউজ ডেস্ক – ২০২২ বৰ্ষৰ সন্মানীয় ‘অসম প্ৰকাশন পৰিষদ সাহিত্য বঁটা’ বিশিষ্ট কথা-শিল্পী ড° প্ৰণৱজ্যোতি ডেকালৈ। আজি অসম গ্ৰন্থমেলাৰ উদ্বোধনী অনুষ্ঠানত ডেকালৈ প্ৰদান কৰা হ’ব এই বঁটা। উল্লেখ্য যে “বান্ধৱ” প্ৰকাশনে প্ৰকাশ কৰা “প্ৰণৱজ্যোতি ডেকাৰ শ্ৰেষ্ঠ গল্প” শীৰ্ষক গ্ৰন্থৰ বাবে এই বঁটা আগবঢ়োৱা হৈছে বিশিষ্ট গল্পকাৰগৰাকীক। আজি প্ৰদান কৰিবলগীয়া এই বঁটাত লেখকৰ সন্মানাৰ্থে আছে ৫ লাখ টকা। ইফালে প্ৰকাশকৰ বাবেও আছে ৩ লাখ টকা।

কালি অসম প্ৰকাশন পৰিষদৰ সচিব প্ৰমোদ কলিতাই সম্বোধন কৰা এক সংবাদমেলত এই বঁটা ঘোষণা কৰি অসম প্ৰকাশন পৰিষদৰ উপাধ্যক্ষ সুমন্ত চলিহাই কয় যে বান্ধৱ প্ৰকাশনে প্ৰকাশ কৰা “প্ৰণৱজ্যোতি ডেকাৰ শ্ৰেষ্ঠ গল্প” শীৰ্ষক গ্ৰন্থখনৰ বাবে এই বঁটাৰ বাবে ড° ডেকাক বাচনি কৰা হৈছে৷

এই বঁটাত আছে লেখকৰ বাবে ৫ লাখ টকাৰ উপৰি প্ৰশস্তি পত্ৰ আৰু গ্ৰন্থৰ টোপলা। আনহাতে প্ৰকাশকৰ বাবে ৩ লাখ টকাৰ লগতে প্ৰশস্তি পত্ৰ আৰু গ্ৰন্থৰ টোপোলা আছে বঁটাত। উল্লেখ্য যে ২০২২ বৰ্ষৰ এই বঁটাৰ বাবে বাছনিলৈ অহা আন ৫ খন গ্ৰন্থ আছিল ক্ৰমে ড° দীপক বৰকাকতিৰ “হৃদয়ালয়”, অপূৰ্ব কুমাৰ শইকীয়াৰ “চ’তৰ উৰহী”, য়েছে দৰজে ঠংচিৰ “ধাৰ আৰু অনান্য গল্প”, নীলিম কুমাৰৰ “এটা বনৰীয়া সপোনৰ অন্ধ যাত্ৰা” আৰু দেৱব্ৰত দাসৰ “কড়ি খেলৰ সাধু” ৷

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,019 other subscribers

Leave a comment

Leave a Reply