তিনিচুকীয়া : ভাৰতত ক’ভিড মহামাৰীয়ে এফালে যদি বহুতৰ আপোনজনৰ জীৱন কাঢ়ি নিছে আনফালে ব্যক্তিগত খণ্ডৰ চিকিৎসা ব্যয়ৰ ভাৰে বহু পৰিয়ালক জুৰুলা কৰি পেলাইছে। অসমো এইক্ষেত্ৰত ব্যতিক্ৰম নহয়।

অসমৰ বহু ব্যক্তিগত চিকিৎসালয়ে ক’ভিডৰ চিকিৎসাৰ নামত ৰোগীৰ পৰিয়ালৰ পৰা অত্যধিক পৰিমাণৰ টকা আদায় কৰাৰ অভিযোগ উঠিছে।

খোদ স্বাস্থ্য বিভাগৰ এক সূত্ৰই জনোৱা মতে, ‘কেইবা লাখ টকা হস্পিতালৰ বিলৰ নামত লোৱা হৈছে। এসপ্তাহৰ পৰা ৩ সপ্তাহলৈকে থকা একো একোজন ক’ভিড ৰোগীৰ বিল ৬ৰ পৰা ১৫ লাখ পৰ্য্যন্ত হৈছেগৈ।’

ডিব্ৰুগড় জিলাৰ বহুকেইখন হস্পিতালৰ বিল ইষ্টম’জ’ৰ হাতত পৰিছে। ইয়াৰে ডিব্ৰুগড় নগৰৰ ব্ৰহ্মপুত্ৰ ডায়েগ্ন’ষ্টিক এণ্ড হস্পিতাল লিমিটিডে দুজন ৰোগীৰ পৰা ৯ দিনৰ বাবদ প্ৰতি দিনে ২৩,৩০০ টকাকৈ দাম লয়, দৰৱ আৰু চিকিৎসকৰ মাচুল পৃথক।

‘ৰোগী দুগৰাকী স্বামী আৰু স্ত্ৰী হয়, তেওঁলোকক ২৮ এপ্ৰিলৰ পৰা ৫ মে’ লৈকে একেটা কেবিনতে ৰখা হৈছিল। এইটো এটা সাধাৰণ কেচ আছিল, দৰৱো বিশেষ প্ৰয়োজন হোৱা নাছিল, কিন্তু তথাপি গাইপতি দুয়োজনৰে বিল লাখৰ ওপৰত উঠিছিল,’ নাম প্ৰকাশত অনিশ্চুক ৰোগীৰ এগৰাকী আত্মীয়ই জানিবলৈ কয়।  

আন এক ঘটনাত ডিব্ৰুগড়ৰ আন এখন বক্তিগত চিকিৎসালয়ে এগৰাকী ক’ভিড ৰোগীৰ চিকিৎসাৰ বাবদ ৫ দিনত ২,৯৮,০০০ টকা আদায় কৰে।

ডিব্ৰুগড়ৰ আদিত্য ডায়েগ্ন’ষ্টিক হস্পিতালত নিজৰ পুত্ৰ সুমিতৰ চিকিৎসা কৰোৱা নন্দ লাল জেইনে কয়, ‘এটা দিনতে তাৰ আই চি ইউৰ বিল ২৬,০০০তকৈ অধিক আছিল’। ক’ভিডৰ ৰিজাল্ট নিগেটিভ অহা সুমিতে উক্ত হস্পিতালখনতে মৃত্যুক সাবটি লয়।   

তিনিচুয়াৰ জনপ্ৰিয় মঞ্চ শিল্পী আদিত্য গগৈৰো ক’ভিডত আক্ৰান্ত হৈ আদিত্য ডায়েগ্ন’ষ্টিক হস্পিতালত মৃত্যু হৈছিল। গগৈৰ এগৰাকী বন্ধুয়ে জনোৱা মতে হস্পিতালখনে ২৪ দিন ৰখাৰ বাবদ তেওঁৰ পৰিয়ালৰ পৰা ১২ লাখতকৈ অধিক টকা সংগ্ৰহ কৰে। শিল্পীজনৰ চিকিৎসাৰ খৰচ ভৰিবলৈ পৰিয়ালটোৱে পৈতৃক মাটি পৰ্য্যন্ত বিক্ৰী কৰিব লগা হয় বুলি জানিব পৰা গৈছে।

ক’ভিড ৰোগী আৰু ক’ভিড নোহোৱা ৰোগীৰ মাচুলৰ ব্যৱধান

ইষ্টম’জ’য়ে ডিব্ৰুগড়ৰ কেইখনমান ডাঙৰ ডাঙৰ হস্পিতালক যোগাযোগ কৰি তেওঁলোকে ক’ভিড-১৯ৰ ৰিপ’ৰ্টৰ ভিত্তিত ৰোগীসকলৰ পৰা কি হিচাপত মাচুল আদায় কৰে জানিব খোজাত কেতবোৰ ভয়ংকৰ তথ্য পোহৰলৈ আহে।

ব্ৰহ্মপুত্ৰ ডায়েগ্ন’ষ্টিক এণ্ড হস্পিতাল লিমিটিডৰ এগৰাকী বিষয়াক ফোন যোগে যোগাযোগ কৰাত তেওঁ কয়, ‘দুজন লোক থাকিব পৰা কেবিনত আমি ৮০০ টকাকৈ লওঁ। এজনীয়া কেবিন বিলাক ১২০০ টকাৰ পৰা আৰম্ভ হয়। এগৰাকী নন-ক’ভিড (সাধাৰণ) ৰোগীৰ বাবে প্ৰতি ঘণ্টাত আই চি ইউৰ মাচুল ১৫০ টকা। অক্সিজেন, ভেন্টিলেটৰ, ছাৰ্ভিচ চাৰ্জ আৰু চিকিৎসকৰ মাচুল বেগেলকৈ লোৱা হয়।‘   য

চিকিৎসালয়খনৰ ক’ভিড ৰোগীসকলৰ দিশটো চোৱা-চিতা কৰা এগৰাকী বিষয়াই কয়, ‘ক’ভিড ৰোগীৰ ক্ষেত্ৰত দৰৱ আৰু চিকিৎসকৰ মাচুল বাদ দি আমি এজন ব্যক্তিৰ পৰা প্ৰতি দিনে ২৬,০০০ টকা গ্ৰহণ কৰোঁ। ভেন্টিলেটৰসহ আই চি ইউ কক্ষৰ খৰচ প্ৰতি দিনে ২,০০০ টকা।‘

ডিব্ৰগড়ৰ সৃষ্টি হস্পিতালৰ এগৰাকী বিষয়াই জনাই যে চিকিৎসালয়খনত নন-ক’ভিড ৰোগীৰ বাবে প্ৰতি দিনে আই চি ইউৰ খৰচ হৈছে ১০,০০০ টকা, ইয়াৰ ভিতৰত আই চি ইউৰ বিচনাৰ বাবদ ৪,০০০ টকা, অক্সিজেনৰ বাবদ প্ৰতি ঘণ্টাত ১৫০ টকা আৰু বাকী আনুষংগিক ব্যয়। চিকিৎসকৰ মাচুল ‘এক্সট্ৰা’।

আনহাতে, ক’ভিড ৰোগীৰ বাবে হস্পিতালখনে আই চি ইউৰ বাবদ ২২,০০০ টকা মাচুল লয়, ভেন্টিলেৰৰ বাবদ প্ৰতি দিনে ২,০০০ টকা ‘এক্সট্ৰা’। সাধাৰণ এজনীয়া কেবিনৰ ভাড়া প্ৰতি দিনে ১৬,০০০ টকা আৰু কেইবাজনৰ সৈতে একেলগে থকা নন আই চি ইউ বেডৰ ভাড়া প্ৰতি দিনে ১২,০০০ টকা। দৰৱ আৰু চিকিৎসকৰ মাচুল বেলেগকৈ দিব লাগিব।

মনিষ আগৰৱাল নামৰ ডিব্ৰুগড়ৰ আদিত্য ডায়েগ্ন’ষ্টিক হস্পিতালৰ এগৰাকী বিষয়াই জনোৱা মতে হস্পিতালখনে এখন আই চি ইউ বিচনাৰ বাবদ এদিনত ২৫,০০০ টকা মাচুল লয় আৰু নন আই চি ইউ বিচনাৰ বাবদ এদিনত ১৮,০০০ টকা মাচুল লয়। দৰৱ আৰু চিকিৎসাৰ মাচুল পৃথক।

ইষ্টম’জ’য়ে যোগাযোগ কৰা প্ৰত্যেকখন ব্যক্তিগত চিকিৎসালয়ে ৰোগীক ভৰ্তি কৰা সময়ত ১.৫ লাখ টকা এডভান্স পে’মেণ্ট গ্ৰহণ কৰে বুলি জানিবলৈ দিয়ে।

ব্যক্তিগত চিকিৎসালয়ে কেচলেচ পে’মেণ্ট ল’ব নোখোজে

অত্যাধিক মাত্ৰাত মাচুল সংগ্ৰহ কৰাৰ উপৰি ডিব্ৰুগড়ৰ ব্যক্তিগত চিকিৎসালয় সমূহৰ বিৰুদ্ধে আন এক গুৰুতৰ অভিযোগ উঠিছে। বহু কেইগৰাকী ক’ভিড ৰোগীৰ পৰিয়ালৰ অভিযোগ মতে ব্যক্তিগত চিকিৎসালয় সমূহে কেচলেচ পে’মেণ্ট ল’বলৈ আপত্তি কৰে।

তিনিচুকীয়াৰ বাসিন্দা বিপিন জেইনে কয় যে হেল্থ পলিচি বিলাকত এই সুবিধা থকাৰ পিছতো হস্পিতালবিলাকে কেচলেচ পে’মেণ্ট গ্ৰহণ নকৰাটো দুখজনক। ‘মহামাৰীৰ এই সময়খিনিত এইয়া ৰোগীসকলৰ ওপৰত কৰা চৰম নিপীড়ন’ তেওঁ কয়।

নিজৰ ভাতৃক চিকিৎসা কৰাই অনা তিনিচুকীয়াৰে আন এগৰাকী লোকে কয়, ‘হস্পিতাল কৰ্তৃপক্ষই কয় যে তেওঁলোকে সকলো বিলাক কাগজ পাতি দিব যাৰ জৰিয়তে ৰি-ইম্বাৰ্চমেণ্ট বা ইন্সোৰেঞ্চ ক্লেইম কৰিব পাৰি। কিন্তু মই বুজি পোৱা নাই বাকী বেমাৰৰ চিকিৎসাৰ দৰে ক’ভিডৰ ক্ষেত্ৰত হস্পিতাল বিলাকে কিয় কেচলেচ পে’মেণ্ট গ্ৰহণ কৰিব নোখোজে’।

‘কেচলেচ পে’মেণ্ট ন’ললে ইমান তৎক্ষণাৎ এজন চাকৰি  কৰা লোকে ক’ৰ পৰা ৩ লাখ পৰা ১০ লাখ টকা গোটাব পাৰিব,’ আন এজন লোকে কয়।

এগৰাকী স্বাস্থ্য বীমা এক্সপাৰ্টে এই সম্পৰ্কে কয় যে যদিহে কেচলেচ পে’মেণ্ট লয় তেতিয়া ব্যক্তিগত চিকিৎসালয় সমূহে ইন্সোৰেঞ্চ কোম্পানি বিলাকৰ পৰা গোটেই পইচা উলিয়াবলৈ সক্ষম নহ’ব, সেয়ে তেওঁলোকে এইদৰে মানুহবিলাকক ঠগি আহিছে।

মূল লেখা : Assam: Private hospitals burning deep holes in pockets of COVID-19 patients

এইক্ষেত্ৰত কি ব্যৱস্থা পৰা যায়

তিনিচুকীয়াৰ এগৰাকী জ্যেষ্ঠ সাংবাদিক চিন্ময় শৰ্মাই কয়, ‘ক’ভিড ৰোগী চিকিৎসা কৰা প্ৰত্যেকখন চিকিৎসালয়ৰ মাচুলৰ ক্ষেত্ৰত এটা নিৰিখ থাকিব লাগে আৰু মাচুলৰ এখন তালিকা এটা অনলাইন পৰ্টেলত তুলি দিব লাগে যাতে ৰোগীসকলে আগতিয়াকৈ চাই ল’ব পাৰে।‘

এইক্ষেত্ৰত প্ৰশাসনেও ব্যৱস্থা ল’ব লাগে বুলি উল্লেখ কৰি তেওঁ কয় যে এই লিষ্টখন আপডেট কৰি থাকিব লাগে। ‘মানুহক প্ৰৱঞ্চনা কৰি অত্যাধিক টকা সংগ্ৰহ কৰা আৰু অসৎ উপায় অৱলম্বন কৰা চিকিৎসালয় বিলাকৰ অনুজ্ঞাপত্ৰ তৎক্ষণাৎ বাতিল কৰিব লাগে। শৰ্মাই কয়।

লগতে পঢ়ক : খৰাং, ক’ভিড মহামাৰীত ভাৰাক্ৰান্ত অসমৰ চাহ উদ্যোগ আৰু শ্ৰমিকৰ জীৱনৰ অনিশ্চয়তা

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,049 other subscribers

Leave a comment

Leave a Reply