নিউজ ডেস্ক : তিনিচুকীয়াৰ গুইজানৰ ডিব্ৰু নদীৰ পাৰত অৱস্থিত স্কাইলেণ্ড ৰিজ’ৰ্টত পেৰাগ্লাইডিং কৰি থকা অৱস্থাত ওপৰৰ পৰা সৰি পৰি এজন যুৱকে প্ৰাণ হেৰুৱাব লগা ঘটনাৰ তদন্তৰ নিৰ্দেশ দিছে তিনিচুকীয়াৰ জিলা উপাযুক্তই।

বৃহস্পতিবাৰে জিলা উপায়ুক্ত নৰ্সিং পাৱাৰে গোটেই ঘটনাটোৰ এটা দণ্ডাধীশ পৰ্য্যায়ৰ তদন্তৰ নিৰ্দেশ দিছে। তদুপৰি পৰৱৰ্তী নিৰ্দেশ নিদিয়া পৰ্য্যন্ত স্কাইলেণ্ড ৰিজ’টৰ সকলো বিলাক কামকাজ বন্ধ কৰিবলৈ উপায়ুক্তই নিৰ্দেশ দিয়ে।

উল্লেখযোগ্য যে বুধবাৰে লখিমপুৰ জিলাৰ পংকজ গগৈ নামৰ ৩৫ বছৰীয়া এজন যুৱকে স্কাইলেণ্ড নামৰ অস্থায়ীভাৱে স্থাপন কৰা ৰিজ’টত পাৰাগ্লাইডিং কৰি থকা অৱস্থাত ওপৰৰ পৰা সৰি পৰি কৰুণ মৃত্যুক সাবটিব লগীয়া হয়।

পংকজ গগৈ

প্ৰথম অৱস্থাত গুৰুতৰভাৱে আহত পংকজ গগৈক ডিব্ৰুগড়ৰ এখন ব্যক্তিগত নাৰ্ছিং হোমত ভৰ্তি কৰোৱা হৈছিল যদিও চিকিৎসাধীন অৱস্থাতে তেওঁৰ মৃত্যু ঘটে।

উল্লেখযোগ্য যে গুইজানৰ ডিব্ৰু নদীৰ বালিচৰত সঞ্জয় দাস আৰু প্ৰসন্ন দাস নামৰ দুজন ব্যক্তিয়ে নীতি-বৰ্হিভূতভাৱে ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ ইক’ ছেনচিটিভ জ’নৰ ভিতৰত স্কাইলেণ্ড নামৰ ৰিজ’ৰ্টখন চলাই আহিছে বুলি দীৰ্ঘদিন ধৰি বিভিন্ন দল-সংগঠনৰ লগতে স্থানীয় লোকসকলে অভিযোগ তুলি আহিছে।

লগতে পঢ়ক – অসম-অৰুণাচল সীমান্তত গুলীচালনা; পথ-নিৰ্মাণক কেন্দ্ৰ কৰি উত্তেজনা

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,219 other subscribers

Leave a comment

Leave a Reply