বোকাখাত, উত্তম কুমাৰ শৰ্মা: ডলু চাহ বাগিচাৰ লগতে শিলসাকোঁৰ উচ্ছেদৰ বিৰোধীতাৰে বুধবাৰে বোকাখাতৰ মাজ মজিয়াত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে জীপাল কৃষক শ্ৰমিক সংঘৰ লগতে আদিবাসী ছাত্র সন্থা ,সদৌ চাওঁতাল ছাত্র সন্থা আৰু সদৌ চাওঁতাল যুৱ সন্থাই।

বোকাখাত নগৰৰ মাজ মজিয়াৰে বাহিৰ কৰা এক প্ৰতিবাদী সমদলৰ যোগেদি ডলু চাহ বাগিচাৰ লগতে শিলসাঁকোৰ অমানবীয় উচ্ছেদত ক্ষতিগ্ৰস্ত দুৰ্ভগীয়া বাগিচা শ্ৰমিক সকলৰ উচিত ক্ষতিপূৰণ আৰু পুনৰ সংস্থাপনৰ দাবী তোলে জীপাল কৃষক শ্ৰমিক সংঘসহ কেওটা সংগঠনে। 

উল্লেখযোগ্য যে নিৰ্বাচনৰ পূৰ্বে বাগিচা তথা দাঁতি-কাষৰীয়া সকলো আদিবাসীক  ভূমিপট্টা প্ৰদান কৰা , বাসগৃহ নিৰ্মাণ কৰি দিয়া, শিক্ষা আৰু স্বাস্থ্যৰ উন্নত সুবিধা প্ৰদান কৰাৰ উপৰিও  চাহ শ্ৰমিকৰ ১০০% নিৰাপত্তাৰ দায়িত্ব লোৱাৰ নিশ্চিয়তা প্ৰদান কৰি ৰাজ গাদী দখলেৰে শাসনলৈ অহা বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰে  অৱশেষত ওলোটাই শ্ৰমিকৰ স্থায়ী কৃষিভূমি  তথা বাসগৃহত বুলড্ৰেজাৰ চলাই  উচ্ছেদ কৰা কাৰ্যক তীব্ৰ ভাষাৰে গৰিহণা দিয়ে সংগঠন কেইটাই।

ইফালে কেইবাদফীয়া দাবী পত্ৰৰে বোকাখাতৰ মহকুমাধিপতিৰ যোগেদি মুখ্যমন্ত্ৰীলৈ  এক স্মাৰক পত্ৰ  প্ৰেৰণ কৰে সংগঠন কেইটাই।

সংগঠন কেইটাৰ দাবী সমূহ হৈছে –

১. মন্ত্ৰী বিধায়কৰ ভোগ বিলাসৰ স্বাৰ্থত নিৰীহ জনতাৰ ওপৰত উচ্ছেদ আৰু বুলড্ৰেজাৰ চলোৱাৰ দৰে অসাংবিধানিক তথা অমানবীয় উচ্ছেদ কাৰ্য বন্ধ কৰা।

২. ডলু চাহ বাগিচাত উচ্ছেদিত সকলো পৰিয়ালক পুনঃ সংস্থাপন আৰু উচিত ক্ষতিপূৰণ দিয়াৰ ব্যৱস্থা কৰা।

৩. ৰাজহুৱা শুনানিৰ দ্বাৰা স্বচ্ছ আৰু নিকা প্ৰক্ৰিয়াৰে জনমত নোলোৱা পৰ্যন্ত বিমান বন্দৰ নিৰ্মাণৰ কাম বন্ধ ৰখা।

৪. বাগানত বসবাস কৰি অহা জনগণক উচ্ছেদ নহয় বৰং ভূমি পট্টা প্ৰদান কৰা।

৫. শিলসাঁকো জনতাৰ ওপৰত উচ্ছদ বন্ধ কৰি তেওঁলোকক তাতে পুণঃ সংস্থাপন আৰু উচিত ক্ষতিপূৰণ দিয়াৰ লগতে ভূমি পট্টা প্ৰদানৰ ব্যৱস্থা কৰা।

৬. শিলসাঁকোত থকা মুখ্যমন্ত্ৰীৰ ঘনিষ্ঠ মন্ত্ৰী ,সাংসদ, উদ্যোগপতিৰ ৰাজপ্ৰাসাদ সমূহৰ ওপৰত প্ৰথমে বিহিত ব্যৱস্থা কৰি মুখ্যমন্ত্ৰীয়ে নিজৰ সৎ-সাহসিকতা প্ৰদৰ্শন কৰা।

লগতে এনে অমানৱীয় আৰু অ-সাংবিধানিক উচ্ছেদ কাৰ্য অসমৰ কোনো প্ৰান্ততেই পুনৰাই নকৰিবলৈ মুখ্যমন্ত্ৰীক দাবী জনাই ইয়াৰ অন্যথা জনতাৰ ৰাজনৈতিক প্ৰতিৰোধ সংগ্ৰামৰ সন্মূখীন হ’বলৈ মুখ্যমন্ত্ৰী সাজু থাকিব লাগিব বুলি হুংকাৰ প্ৰদান কৰে কেওটা সংগঠনে।

লগতে পঢ়ক – ডলো চাহ বাগিছাৰ উচ্ছেদৰ প্ৰতিবাদত আটছা, আটুৱাৰ ব্যাপক প্ৰতিবাদ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,870 other subscribers

Leave a comment

Leave a Reply