বোকাখাত, উত্তম কুমাৰ শৰ্মা: বুধবাৰে কাজিৰঙাৰ শিলজুৰিত বন বিভাগৰ বিৰুদ্ধে কৃষি পথাৰতেই তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে স্থানীয় শতাধিক ৰাইজে।

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ তৃতীয় সংযোজনৰ নামত স্থানীয় ৰাইজৰ ভূমি অধিগ্ৰহণ কৰি ক্ষতিপূৰণৰ নামত প্ৰতাৰণা কৰাৰ অভিযোগ  বন বিভাগৰ বিৰুদ্ধে।

উল্লেখযোগ্য যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখনৰ পানবাৰী এনিমেল কৰিডৰত বন বিভাগে ২০২০ চনতে স্থানীয় ৰাইজৰ পৰা প্ৰায় ১১৫৬ বিঘা কৃষিভূমি  তৃতীয় সংযোজনৰ নামত অধিগ্ৰহণ কৰাৰ পাছত বৰ্তমানলৈকে কোনো ধৰণৰ ক্ষতিপূৰণৰ  প্ৰদান নকৰাৰ অভিযোগ উত্থাপিত হৈছে।

জানিব পৰা মতে ১৯৪০ চনতে ভূমিপট্টা লাভ কৰি কাকজুৰি,মেথনি,আৰু শিলজুৰি গাঁৱৰ প্ৰায় ৬৫টাৰো অধিক কৃষক পৰিয়ালে

বছৰ বছৰ ধৰি উক্ত কৃষি ভূমিত খেতি কৰি আহিছিল যদিও বিগত বৰ্ষৰ পৰা উক্ত স্থানত কৃষি কাৰ্যত বাধা প্ৰদান কৰি আহিছে কাজিৰঙা বন বিভাগে।

ইফালে কাজিৰঙাৰ তৃতীয় সংযোজনৰ নামত মাটি হেৰুওৱা স্থানীয় লোক সকলক ক্ষতিপূৰণৰ আশ্বাস প্ৰদান কৰা হৈছিল যদিও বিগত দুটা বছৰে কোনো ধৰণৰ ক্ষতিপূৰণ লাভ নকৰিলে শিলজুৰি ,মেথনী অঞ্চলৰ ৰাইজে।

ইয়াৰ উপৰিও বহুবাৰ গোলাঘাট জিলা উপায়ুক্তৰ লগতে বোকাখাত মহকুমা প্ৰশাসন তথা বন বিভাগৰ উপৰিও স্থানীয় বিধায়ক অতুল বৰাৰ ওচৰতো ক্ষতিপূৰণৰ বাবে স্থানীয় ৰাইজে আবেদন নিবেদন কৰি আহিছিল যদিও  এইক্ষেত্ৰত গা নলৰিল চৰকাৰৰ সংশ্লিষ্ট বিভাগ সমুহৰ।শেহতীয়াকৈ মুখ্যমন্ত্ৰীৰ কাজিৰঙা ভ্ৰমণৰ সময়তে বিজেপিৰ গোলাঘাট জিলা সভাপতিৰ যোগেদি মুখ্যমন্ত্ৰীলৈও পত্ৰ প্ৰেৰণ কৰিছিল স্থানীয় ৰাইজে। কিন্তু এই পৰ্যন্ত কোনো সুদোত্তৰ লাভ নকৰি

অৱশেষত বনবিভাগৰ বাধাকো নেওচি বুধবাৰে ট্ৰেক্টৰ,পাৱাৰটিলাৰ, দা-কোৰ লৈ খেতি পথাৰত নামি পৰিল অঞ্চলটোৰ শতাধিক স্থানীয় কৃষক ৰাইজ।

ৰাইজৰ দাবী “হয় ক্ষতিপূৰণ দিয়ক নতুবা খেতি কৰিবলৈ দিয়ক” অন্যথা ভূমি এৰি দিয়া নহ’ব।

ইফালে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে  ঘটনাস্থলীত কাজিৰঙাৰ DFO ৰমেশ কুমাৰ গগৈ উপস্থিত  হৈ স্থানীয় লোকৰে আলোচনাত মিলিত হয় যদিও ক্ষতিপূৰণ নোপোৱা পৰ্যন্ত ভূমি এৰি নিদিয়াৰ লগতে শীৰ্ঘ্ৰেই বিষয়টোৰ সন্দৰ্ভত কাজিৰঙা বনবিভাগৰ লগতে প্ৰশাসনক উচিত ব্যৱস্থা গ্ৰহণৰ দাবী জনাই স্থানীয় ৰাইজে।

লগতে পঢ়ক – ভাবি স্বামী ৰাণাৰ যোগেদি লাখে লাখে ধন আত্মসাৎ কৰিছিল SI জোনমণি ৰাভাই!

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply