ডিফু : কেন্দ্ৰ চৰকাৰ আৰু ৬টাকৈ কাৰ্বি বিদ্ৰোহী সংগঠনৰ মাজত স্বাক্ষৰিত কাৰ্বি শান্তি চুক্তিৰ বিৰুদ্ধে পুনৰ গৰজি উঠিছে পাহাৰীয়া জিলাখনৰ বহুকেইটা জনগোষ্ঠীয় সংগঠন।
বুধবাৰে ডিফুস্থিত কাৰ্বি আংলং স্বায়ত্ত্বশাসিত পৰিষদৰ সচিবালয়ৰ সন্মুখত ASDC, ADHLC, JACA, KNCA,HTU আৰু CCU-ৰ নেতাকৰ্মী সকলে চুক্তিখনৰ বিৰুদ্ধে বিভিন্ন শ্ল’গানেৰে পৰিৱেশ উত্তাল কৰি তোলে।
প্ৰতিবাদকাৰীসকলে উক্ত চুক্তি শীঘ্ৰে বাতিল কৰি কাৰ্বি ভূমিক পৃথক ৰাজ্য হিচাপে স্বীকৃতি দিবলৈ জনায়৷ কেইবা ঘণ্টাজোৰা প্ৰতিবাদৰ অন্তত প্ৰতিবাদকাৰীসকলে কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ মুৰব্বীৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে।
উল্লেখযোগ্য যে চৰকাৰে উক্ত চুক্তি বাতিল নকৰালৈকে ধাৰাবাহিক প্ৰতিবাদ চলাই যোৱা হ’ব বুলি প্ৰতিবাদকাৰী সকলে হুংকাৰ দিয়ে।
লগতে পঢ়ক : আৰক্ষী সঞ্চালক প্ৰধানৰ মন্তব্যত নাই বিশেষাধিকাৰ ভংগৰ উপযুক্ত তথ্য-প্ৰমাণ