পল্লব মিলি, লখিমপুৰ: অনুসূচিত জাতিৰ লোকক ভূমিৰ অধিকাৰ প্ৰদান কৰাৰ দাবীত অসম অনুসূচিত জাতি যুৱ-ছাত্ৰ সন্থাৰই আজি লখিমপুত এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে।
লখিমপুৰ জিলা সমিতিয়ে আজি জিলাখনৰ উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত ৰূপায়ণ কৰা উক্ত প্ৰতিবাদী কাৰ্যসূচীত গৰাখহনীয়াত ভূমিহীন পৰিয়ালক ভূমি আৱন্টন, পুনঃসংস্থাপন আৰু ভূমিপুত্ৰ অনুসূচিত জাতিৰ লোকক ভূমি অধিকাৰ প্ৰদান আৰু ভূমি আইন সংশোধন কৰি বণাঞ্চলত বসবাস কৰা অনুসূচিত জাতি লোকসকলক ভূমি অধিকাৰ প্ৰদান কৰিবলৈ দাবী জনায়।
প্ৰতিবাদকাৰীসকলে ‘’মাটি নাই ঘৰ নাই, এই চৰকাৰ কাম নাই’’ আদি বিভিন্ন শ্ল’গানেৰে প্ৰতিবাদস্থলী উত্তাল কৰি তোলে।
উল্লেখযোগ্য যে যোৱা ২৪ নৱেম্বৰত অসম চৰকাৰৰ বন বিভাগে ১৫ দিনৰ ভিতৰত মৰতপুৰ চেঙামাৰী গাঁৱৰ ৪৪ টা পৰিয়ালক সম্পূৰ্ণ ঘৰ-বাৰী, কৃষি ভূমি খালী কৰি দিবলৈ জৰুৰী নিৰ্দেশ জাৰি কৰাৰ পিছতে সংগঠনটোৰ লখিমপুৰ জিলা সমিতিয়ে অনুসূচিত জাতিৰ লোকক ভূমিৰ অধিকাৰ প্ৰদানৰ দাবীত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে।
লগতে পঢ়ক – ডিব্ৰুগড় বিশ্ববিদ্যালয়ত ‘ৰেগিঙৰ পৰা বাচিবলৈ’ হোষ্টেলৰ পৰা জঁপিয়াই সংকটজনক অৱস্থাত ছাত্ৰ