গুৱহাটী: ৰাজ্যৰ মূখ্যমন্ত্ৰী ৰূপে হিমন্ত বিশ্ব শৰ্মাই দায়িত্ব লোৱাৰ পিছতেই PSO সংস্কৃতি ত্যাগ কৰিবলৈ আহ্বান জনোৱাৰ পিছতেই ৰাজ্যৰ ৰাজনীতিত শাসক বিৰোধী উভয় পক্ষৰ সদস্যই ইয়াৰ বিৰুদ্ধে মাত মাতিছিল। দীৰ্ঘকালৰ পৰা দেহৰক্ষী লৈ ফুৰাতো এইসকল নেতাৰ বাবে মৰ্যদাৰ চিন হিচাবে আছিল।

শেহতীয়াকৈ মুখ্যমন্ত্ৰীৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই প্ৰায় ৫০জন প্ৰাক্তন মন্ত্ৰী, সাংসদ, ব্যৱসায়ী তথা ৰাজনৈতিক নেতাই দেহৰক্ষী ত্যাগ কৰিলেও বহুজনে লগত এতিয়াও আছে দেহৰক্ষী ৷শেহতীয়াকৈ এই লোকসকলৰো দেহৰক্ষী আতৰোৱা হৈছে।

শেহতীয়াকৈ ৰিপ’ৰ্ট মতে ৰাজ্যৰ ৩৬৪জন ৰাজনৈতিক নেতা, পালিনেতা, প্ৰাক্তন মন্ত্ৰী-সাংসদ, প্ৰাক্তন বিধায়ক, চেয়াৰমেন আৰু ব্যৱসায়ীৰ জীৱনৰ প্ৰতি ভাবুকি নথকাৰ তথ্য লাভ কৰিছিল ৰাজ্যিক সুৰক্ষা বিষয়ৰ কমিটিয়ে ৷ অসমৰ বৰ্তমানৰ আইন শৃংখলাজনিত পৰিবেশ উন্নত হোৱাৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যৰ ৭২৬জন PSO প্ৰত্যাহাৰ কৰাৰ কথা ঘোষণা কৰে অসম আৰক্ষীৰ বিশেষ শাখাৰ সঞ্চালকপ্ৰধান হীৰেন নাথে ৷
অসম আৰক্ষীৰ বিশেষ শাখাৰ সঞ্চালক প্ৰধান হীৰেন নাথৰ মতে এতিয়াৰে পৰা টকা দিলেও যিকোনো লোকে লাভ কৰিব নোৱাৰিব দেহৰক্ষী ৷ মুখ্যমন্ত্ৰীৰ সুৰক্ষাৰ ক্ষেত্ৰতো গাড়ী কমোৱা হৈছে যদিও নিৰাপত্তাৰ ক্ষেত্ৰত সাবধানতা লোৱা হৈছে বুলি মন্তব্য কৰে।

লগতে পঢ়ক- শিৱসাগৰত সুৰামত্ত পুত্ৰৰ অত্যাচাৰত মাতৃ অগ্নিদগ্ধ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,993 other subscribers

Leave a comment

Leave a Reply