মৰাণ: কপালৰ ঘাম মাটিত পেলাই কষ্টৰে কৰা ৰঙালাওসমূহ এতিয়া পানীৰ দৰত বিক্ৰী কৰিব লগা হোৱা নাই খোৱাঙৰ কৃষকে । উচিত মূল্যত বহিঃ ৰাজ্যলৈ ৰপ্তানি হৈছে হাজাৰ হাজাৰ ৰঙালাও। যাক লৈ এতিয়া কৃষকৰ মুখত হাঁহি বিৰিঙিছে।
ডিব্ৰুগড় জিলাৰ মৰাণৰ সমীপৰ খোৱাঙৰ বুঢ়ীদিহিং চাপৰিত শ শ কৃষকে কৰিছিল ৰঙালাও খেতি। বিঘাই বিঘাই কৰা ৰঙালাও খেতিৰ উৎপাদনো যথেষ্ট হ’ল। কিন্তু বিক্ৰীৰ বাবে নাছিল কোনো উপযুক্ত বজাৰ। যাৰ বাবে কৃষক সকলে পানীৰ দৰত ডিব্ৰুগড়, বৰবৰুৱা, মৰাণ, খোৱাং আদি বজাৰত বিক্ৰী কৰিব লগা হৈছিল।
কৃষকৰ এই দুৰ্দশা কথা মৰিগাঁওৰ ৰৈচুদ্দিন আলি নামৰ যুৱকজনে জানিব পাৰি খোৱাঙৰ দুজনমান যুৱকৰ লগ হৈ ৰঙালাওসমূহ বহিঃ ৰাজ্যলৈ নিয়াৰ পৰিকল্পনা কৰিলে। এতিয়া খোৱাঙৰ ৰঙালাও ৰপ্তানি হয় দিল্লী, উত্তৰ প্ৰদেশ আদি ৰাজ্যলৈ।
প্ৰতি কেজিত ৭ টকা দৰত কৃষকৰ পৰা ক্ৰয় কৰা ৰঙালাও এতিয়ালৈকে ১৪ গাড়ী পঞ্জাব বডী ট্ৰাকত নিয়া হৈছে। কোনো ধৰণৰ কষ্টৰ সন্মুখীন নোহোৱাকৈ বাৰীৰ পৰাই ওজন কৰি বিক্ৰী কৰিব পৰা হোৱাত কৃষকসকল যথেষ্ট আনন্দিত হৈছে।
উল্লেখযোগ্য যে কৃষি বিভাগৰ কোনোধৰণৰ সহাঁৰি নোহোৱাকৈ কৃষকসকলে সম্পূৰ্ণ নিজা প্ৰচেষ্টাত কৰিছে এই ৰঙালাও খেতিসমূহ। গাঁও সেৱকৰ ছাঁ টোকে দেখি নোপোৱা কৃষক সকলে সাংবাদিকৰ আগত অহা বৰ্ষত নিৰ্ভয়ে এই খেতিত মনোনিৱেশ কৰিম বুলিও মন্তব্য কৰে।
লগতে পঢ়ক – Guwahati College of Architecture & Planning নামৰ শিক্ষানুষ্ঠানখনৰ ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদ