নিউজ ডেস্ক : শুকুৰবাৰে হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰে ১০০ টা দিন সম্পূৰ্ণ কৰিলে। ১০০ পূৰ্ণ কৰা নতুন চৰকাৰখনৰ কাম-কাজক লৈ মুঠেই সন্তুষ্ট নহয় অখিল গগৈ নেতৃত্বাধীন ৰাইজৰ দল।

শনিবাৰে ৰাইজৰ দলে প্ৰকাশ কৰে ১০০ দিনীয়া হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰৰ ‘ৰিপোৰ্ট কাৰ্ড’।

দলটোৰ মতে যোৱা হিমন্ত বিশ্ব শৰ্মাই দায়িত্ব লোৱাৰ ৩ মাহৰ পিছতো ৰাজ্যবাসীৰ সামগ্ৰিক উন্নতিৰ বাবে কোনো দূৰ-দৃষ্টি সম্পন্ন সিদ্ধান্ত লোৱা আমাৰ চকুত নপৰিল, বৰঞ্চ চৰকাৰখনে প্ৰথম তিনি মাহত সাম্প্ৰদায়িক মেৰুকৰণৰ ৰাজনীতিতহে নিজক নিমজ্জিত কৰি ৰাখিলে বুলি দলটোৱে অভিযোগ কৰে।

সমাজিক মাধ্যমত প্ৰকাশ কৰা বিজেপি চৰকাৰৰ ‘ৰিপোৰ্ট কাৰ্ড’ত ৰাইজৰ দলে চৰকাৰখনে বিফল হোৱা ৫ টা দিশ উত্থাপন কৰে।

মূল্যবৃদ্ধি ৰোধৰ ক্ষেত্ৰত নতুন চৰকাৰ সম্পূৰ্ণ বিফল হোৱা বুলি অভিযোগ কৰি দলটোৱে কয়, ‘১০ মে’ ২০২১, যিদিনা হিমন্ত বিশ্ব শৰ্মাই শপত গ্ৰহণ কৰিছিল, পেট্ৰ’লৰ দাম আছিল প্ৰতি লিটাৰত ৮৮.৪৮ টকা। আজি হৈছেগৈ প্ৰতি লিটাৰত ৯৭.৬৬ টকা। ঠিক একেদৰে, শপত গ্ৰহণৰ দিনা ডিজেলৰ মূল্য আছিল প্ৰতি লিটাৰত ৮৩.০৩ টকা  আৰু আজি হৈছেগৈ প্ৰতি লিটাৰত ৮৮.৬৩ টকা।’

ঠিক একেদৰে ৰন্ধন গেছ, মিঠাতেল আদি অত্যাৱশ্যকীয় সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধী ৰোধৰ ক্ষেত্ৰতো চৰকাৰে কোনো পদক্ষেপ গ্ৰহণ কৰা নাই বুলি দলটোয়ে কয়।

বিজেপিৰ শাসনতেই ৰাজহুৱা খণ্ডৰ কাগজ কলকেইটা পুনৰোজ্জীৱিত কৰাৰ বিপৰীতে নিলামত দিয়াৰ লগতে কোটি কোটি টকা ৰাজহুৱা ধন খৰছ কৰি আধুনিকীকৰণ কৰা ৰাজহুৱা খণ্ডৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমান বন্দৰটোও গুজৰাটী উদ্যোগপতি আদানীৰ হাতত তুলি দিয়া হ’ল বুলি চৰকাৰক ৰাইজৰ দলে সমালোচনা কৰে।

আনহাতে, চুবুৰীয়া ৰাজ্যৰ সৈতে চলি সীমা বিবাদে এইখন চৰকাৰৰ দিনত ভয়ংকৰ পৰিস্থিতি সৃষ্টি কৰা বুলি উল্লেখ কৰি মিজোৰামৰ মাজত হোৱা সীমা বিবাদত ৭ জনকৈ আৰক্ষী জোৱান তথা সাধাৰণ লোকৰ মৃত্যু হ’ল যদিও ‘সীমা বিবাদক লৈ চৰকাৰে কি মীমাংসা কৰিলে সেয়া এতিয়াও অসমবাসীয়ে স্পষ্টকৈ জনা নাই’ বুলি কয়।

বিজেপি শাসনলৈ অহাৰ আগতে ভাৰত চৰকাৰৰ ওচৰত অসম চৰকাৰৰ প্ৰায় ৩৫০০০ কোটি টকা ঋন থকাৰ বিপৰীতে এতিয়া সেই ঋনৰ বোজা ৯৯০০০ কোটিলৈ বৃদ্ধি পোৱা বুলি দলটোৱে দাবী কৰে। সেই ঋণৰ বোজা মাৰিবলৈ চৰকাৰে ‘নিৰ্মীয়মান ৰাষ্ট্ৰীয় ঘাইপথসমূহৰ নিৰ্মাণ সম্পূৰ্ণ হৈ উঠাৰ আগতেই টোলগেট বহুৱাই কৰ সংগ্ৰহ কৰাৰ লগতে গতিবেগ নিয়ন্ত্ৰণ নিৰ্দেশক পৰ্যাপ্ত ফলকৰ জৰিয়তে নাগৰিকৰ মাজত প্ৰচাৰৰ অবিহনেই সাধাৰণ জনতাক জৰিমনা বিহা আৰম্ভ হৈছে’।

ইয়াৰ উপৰি নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে হোৱা আন্দোলনক দমন কৰিবলৈ গৈ সেনা-আৰক্ষীয়ে নিৰ্বিচাৰে চলোৱা গুলীবৰ্ষণত প্ৰাণ হেৰোৱা পাঁচজনকৈ নিৰিহৰ পৰিয়ালে আজি পৰ্য্যন্ত ন্যায় লাভৰ পৰা বঞ্চিত হৈ ৰ’ল বুলিও ৰাইজৰ দলে চৰকাৰক সমালোচনা কৰে।

লগতে পঢ়ক : ক’ভিড পৰিস্থিতিকলৈ উদ্বিগ্ন স্বাস্থ্যমন্ত্ৰীয়ে জন আশীৰ্বাদ যাত্রাৰ জনসমাগম সম্পৰ্কে নিদিলে কোনো উত্তৰ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 5,285 other subscribers

Leave a comment

Leave a Reply