শিলচৰ: বিগত দুদিন ধৰি হৈ থকা নেৰানেপেৰা বৰষুণে ইষ্ট-ৱেষ্ট কৰিডৰ বিশেষকৈ কাচাৰ জিলাৰ বালাচেৰাৰ পৰা ডিমা হাছাও জিলাৰ হাৰাংগাজাওলৈকে পথছোৱা বিস্তৰ ক্ষতিসাধন কৰাৰ লগতে যান-বাহনৰ চলাচলত ব্যাপক ব্যাঘাত জন্মাইছে।
মঙলবাৰে, ধাৰাষাৰ বৰষুণৰ ফলত বালাচেৰাৰ আৰু হাৰাংগাজাওৰ বিভিন্ন অংশত বৰষুণৰ পানী আৰু বোকায়ে পথটো প্লাবিত কৰাৰ ফলত কেইবা ঘণ্টা ধৰি যান বাহনৰ চলাচল বন্ধ হৈ পৰে।
আনহাতে বেয়া বতৰৰ ফলত বৰ্তমান চলি থকা পথটোৰ নিৰ্মাণৰ কামো আগবাঢ়িব পৰা নাই।
পথ নিৰ্মাণ সংস্থা চুশ্বী ইনফ্ৰাৰ প্ৰকল্প সঞ্চালক এছ এছ ৰেড্ডীয়ে জনোৱা মতে, বিভিন্ন স্থানত ভূমিস্খলন আৰু বোকাৰ ধল বৈ অহাৰ ফলত বন্ধ হৈ পৰা বালাচেৰা-হাৰাংগাজাও পথছোৱা বুধবাৰে পুৱা প্ৰায় ৩ বজাত মুকলি কৰা হৈছিল যদিও পুৱা ভূমিস্খলনৰ ফলত পথটোত বাহনৰ চলাচল পুনৰ স্তব্ধ হৈ পৰে।
পথটো মুকলি কৰি যিমান পাৰি সোনকালে বাহনৰ চলাচল পুনৰ ঘূৰাই অনাৰ কাম চলি আছে বুলি ৰেড্ডীয়ে জানিবলৈ দিয়ে।
গুৱাহাটীৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই মঙলবাৰে জাৰি কৰা বতৰ বুলেটিন অনুসৰি বুধবাৰে ডিমা হাচাওত ব্যাপক বৰষুণ অহাৰ সম্ভাৱনা আছে আৰু বৃহস্পতিবাৰ, শুকুৰবাৰ আৰু শনিবাৰে জিলাখনৰ ঠায়ে ঠায়ে আংশিক বৰষুণ অহাৰ সম্ভাৱনা আছে।
উল্লেখযোগ্য যে ১৯৯৮ চনৰ ১০ অক্টোবৰত তদানীন্তন প্ৰধান মন্ত্ৰী অটল বিহাৰী বাজপেয়ীয়ে শিলচৰৰ পৰা গুজৰাটৰ সৌৰাষ্ট্ৰ সংযোগী ইষ্ট-ৱেষ্ট কৰিডৰ নিৰ্মাণৰ কথা ঘোষণা কৰিছিল। ২০০৪ চনত তদানীন্তন কেন্দ্ৰীয় পৰিবহণ মন্ত্ৰী বি.চি. খান্দুৰী আৰু কেন্দ্ৰীয় বিত্তমন্ত্ৰী যশৱন্ত সিঙে ৩৩০০ কিলোমিটাৰ দৈৰ্ঘ্যৰ পথটোৰ আধাৰশিলা স্থাপন কৰিছিল আৰু ২০০৭ চনৰ ভিতৰত ইয়াক সম্পূৰ্ণ কৰাৰ কথা আছিল।
অৱশ্যে, মাত্ৰ দুটা অংশ, বালাচেৰা-হাৰাংগাজাও (প্ৰায় ২৫.১৫ কিলোমিটাৰ) আৰু হাৰাংগাজাও-নিৰিমবাংলো অংশ (প্ৰায় ৪৯ কিলোমিটাৰ) বাদ দি পথটোৰ বাকী অংশ নিৰ্মাণ সম্পূৰ্ণ হৈছে।
লগতে পঢ়ক – চৰকাৰী চাকৰিৰ বজাৰ! ২ কোটি টকা হজম কৰা জিনা বেগম পৰিল আৰক্ষীৰ জালত