কমাৰগাঁও (গোলাঘাট) : গোলাঘাট জিলাৰ খুমটাই সমষ্টিৰ কমাৰগাঁৱৰ ঠেঙাল গাঁৱত আজি ঠেঙাল স্বায়ত্ত শাসিত পৰিষদৰ বিজেপি মিত্ৰজোটৰ প্ৰাৰ্থী হৰপ্ৰভা ঠেঙালৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলালে ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছাই।
নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি সাংসদ গৰাকীয়ে কংগ্ৰেছ দলক কটাক্ষ কৰি কয়, ‘কংগ্ৰেছ দল ডুবিব ধৰা নাও, নাওখন আধা ডুবিলেই। ৭৫ বছৰ কংগ্ৰেছৰ উন্নয়ন ৰাইজে দেখিলে আৰু বিজেপিৰ পাঁচটা বছৰ উন্নয়ন ৰাইজে দেখিলে। সেইবাবে ঠেঙাল স্বায়ত্ত শাসিত নিৰ্বাচনত গোলাঘাটৰ আটাইকেইটা সমষ্টিতে বিজেপি মিত্ৰজোটৰ প্ৰাৰ্থী সকল জয় হব ইয়াত কোনো শংকা নাই।’
এই নিৰ্বাচনত কেৱল বেলেগ দলক গালি পাৰিবলৈ সময় দিয়া হৈছে আৰু কাম কৰা কাৰণে তেওঁলোকৰ কোনো স্কোপ নাই বুলি কৌশলগত মন্তব্য প্ৰদান কৰে সাংসদ তাছাই। আজিৰ নিৰ্বাচনী সভাত বিজেপিৰ গোলাঘাট জিলাৰ সভাপতি দেৱপ্ৰদীপ বৰা, খুমটাই জিলা পৰিষদৰ সদস্য মুনিন্দ্ৰ মোহন গগৈ, কঠালগুৰি মণ্ডলৰ সভাপতি নবীন হাজৰিকা, মহুৰা মণ্ডলৰ সভাপতি বেদব্ৰত বৰা, মিত্ৰজোঁটৰ প্ৰাৰ্থী হৰপ্ৰভা ঠেঙাল উপস্থিত থাকি ভাষণ প্ৰদান কৰে।
ইফালে আজিৰ এই সভাতেই এগৰাকী সক্ৰীয় কংগ্ৰেছ কৰ্মীয়ে বিজেপি দলত যোগদান কৰে।
লগতে পঢ়ক :