লখিমপুৰ, পল্লৱ মিলি: ৰাজ্যৰ ভিতৰতে শষ্য উৎপাদনত অন্যত্বম জিলা হিচাপে চিনাকি আছে লখিমপুৰ জিলাৰ। জিলাখনৰ নামটো সম্পর্কে থকা কেইবাটাও প্ৰবাদৰ ভিতৰত লখিমীৰে ভৰপূৰ বাবেই জিলাখনৰ নাম লখিমপুৰ হোৱা বুলি প্ৰচলিত হৈ আহিছে।

শষ্যৰে নদন বদন হৈ থকা জিলাখনৰ প্ৰাকৃতিক সম্পদৰ প্ৰাচুৰ্যতাও চকুত লগা। এই সকলোবোৰৰ বাবে জিলাখনৰ নদীসমূহৰ অৱদান অপৰিসীম। নদীসমূহৰ কাষৰীয়া অঞ্চলত উভৈনদীকৈ শষ্যৰে ভৰি আছিল।

পিছে এই দৃশ্যপট কিছু বছৰৰ আগলৈকেহে বিৰাজ কৰিছিল। বৰ্তমান জিলাখনৰ নদীপৰীয়া অঞ্চলসমূহৰ পাৰিপাৰ্শ্বিকতা বিনষ্ট হৈ পৰিল। ঘাইকৈ ৰঙানদী পৰীয়া অঞ্চলত শষ্যৰ উৎপাদন নোহোৱা হৈ পৰিছে। ইয়াৰ মূলতে আছে উত্তৰ-পূব শক্তি নিগম-নিপকোৰ হঠকাৰী কাৰ্য্য।

অৰুণাচল প্ৰদেশৰ য়াজালিত নিপকোৱে ৪০৫ মেগাৱাট শক্তি সম্পন্ন ৰঙানদী জলবিদ্যুৎ প্ৰকল্প নিৰ্মাণ কৰাৰ পাছৰে পৰা লখিমপুৰত ৰঙানদীৰ পৰিৱেশ বিনষ্ট হৈ পৰিছে৷ কিয়নো বাৰিষাকালত প্ৰকল্পটোৰ জলাধাৰত পানীৰ চাপ বৃদ্ধি হোৱাৰ বাবে জলাধাৰৰ সুৰক্ষাৰ খাটিৰতে নিপকোৱে জলাধাৰৰ অতিৰিক্ত জলৰাশি ৰঙানদীত মোকোলাই দিয়ে।

ফলত লখিমপুৰত নদীখনে জল প্ৰলয়ৰ সৃষ্টি কৰে। মথাউৰি, দলং, পথ ভাঙি ছিঙি, ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি কৰে নদীখনে। নদীখনৰ বহন ক্ষমতাতকৈ অতিৰিক্ত পানী জাপি দিয়াৰ ফলত নদীখনে লখিমপুৰত অপুৰণীয় ক্ষতি কৰে।

প্ৰতি বছৰে বাৰিষাকালত নদীখনে এনেদৰে জিলাখনৰ বিস্তৰ ক্ষতি কৰি আহিছে। পিছে কেৱল ইমানেই নহয়। খৰালি কালত নদীখনৰ পানী কমি যোৱাৰ ফলত বিদ্যুৎ উৎপাদন ৰ বাবে প্ৰয়োজনীয় পানী ধৰি ৰাখিবলৈ নিপকোৱে জলাধাৰৰ গেট সম্পুর্ন বন্ধ কৰি দিয়াৰ ফলত নদীখন শুকাই যায়। নদীখনৰ বক্ষ মৰুভূমিত পৰিণত হয়। শষ্যৰ উৎপাদন লক্ষ্যণীয় ভাৱে কমি যায়। নদীপৰীয়া অঞ্চলৰ পাৰিপাৰ্শ্বিকতাৰ ওপৰত পৰে প্ৰচণ্ড নেতিবাচক প্রভাব। বাৰিষা অথবা খৰালি দুয়োটা কালত ৰঙানদীয়ে ক্ষতি ৰ প্ৰভাৱ পেলাইছে। কেৱল নিপকোৰ বাবেই নদীখনে এনে প্ৰভাৱ পেলাইছে।

বাৰিষা বান সংকট সৃষ্টি নহবৰ বাবে কম কমকৈ পানী এৰি দিয়া, আৰু খৰালি সম্পূৰ্ণ পানী বন্ধ নকৰি কিছু পৰিমাণে খুলি ৰাখি নদী পৰীয়া অঞ্চল জীপাল কৰি ৰাখিবলৈ ৰাইজে দাবী জনাই আহিছে যদিও নিপকোৱে গুৰুত্ব দিয়া নাই। যাৰ বাবে লখিমপুৰ ৰ ক্ষতিৰ কাৰক হিচাপে পৰিগণিত হৈছে উত্তৰ পূব শক্তি নিগম।

লগতে পঢ়ক – বটদ্ৰৱাত প্ৰশাসনৰ উচ্ছেদ অভিযান আৰম্ভ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply