নিউজ ডেস্ক: ২০২১ চনত হত্যাৰ হাৰৰ ক্ষেত্ৰত অসম দেশৰ ভিতৰতে তৃতীয় স্থানত আছে। বিগত বৰ্ষত ৰাজ্যখনত মুঠ ১২৬৯ টা হত্যাকাণ্ড সংঘটিত হৈছিল আৰু হত্যাকাণ্ডৰ হাৰ আছিল ৩.৪ শতাংশ।

ৰাষ্ট্ৰীয় অপৰাধ ৰেকৰ্ড ব্যুৰো (NCRB)-এ প্ৰকাশ কৰা তথ্য অনুসৰি ২০২১ চনত ঝাৰখণ্ডত সৰ্বাধিক ৪.১ শতাংশ হত্যাকাণ্ড সংঘটিত হোৱাৰ বিপৰীতে দ্বিতীয় স্থানত থকা হাৰিয়ানাত ৩.৮ শতাংশ হত্যাকাণ্ড সংঘটিত হৈছে।

উল্লেখযোগ্য যে প্ৰতি এক লাখ জনসংখ্যাত সংঘটিত অপৰাধৰ সংখ্যা অনুসৰি হত্যাৰ হাৰ গণনা কৰা হয়।

এন চি আৰ বিৰ তথ্য অনুসৰি ২০২১ চনত দেশত সংঘটিত হত্যাকাণ্ডৰ ৰাষ্ট্ৰীয় গড় হাৰ আছিল ২.২ শতাংশ।

অসমত ২০১৯ চনৰ পৰা ২০২১ চনৰ ভিতৰত প্ৰায় ৩৫৫৮ টা হত্যাৰ গোচৰ ৰুজু কৰা হৈছিল। ২০২১ চনত অসম আৰক্ষীয়ে মুঠ ১১৯২ টা হত্যাৰ গোচৰ ৰুজু কৰিছিল।

এন চি আৰ বিৰ তথ্য অনুসৰি, ২০২১ চনত ৰাজ্যখনত সংঘটিত সৰ্বাধিক সংখ্যক হত্যাকাণ্ডৰ (৫৩৬) আঁৰৰ উদ্দেশ্য অজ্ঞাত আছিল।

এই সময়ছোৱাত মুঠ ৩১১ টা হত্যাকাণ্ড ‘ব্যক্তিগত প্ৰতিশোধ বা শত্ৰুতা’ৰ বাবে, ২২৭ টা হত্যাকাণ্ড ‘বিবাদ’ৰ বাবে আৰু ১০৫ টা হত্যাকাণ্ড ‘সম্পত্তি বা ভূমি বিবাদ’ৰ বাবে সংঘটিত হৈছিল।

আনহাতে বিগত বৰ্ষত ৰাজ্যখনত যৌতুকৰ বাবে সংঘটিত ৯ টা হত্যাকাণ্ডৰ গোচৰ ৰুজু কৰা হৈছিল।

লগতে পঢ়ক – অসমৰ ৩৫,৮০০ মেধাৱী শিক্ষাৰ্থীক প্ৰদান কৰা হ’ব বিনামূলীয়া স্কুটী

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,870 other subscribers

Leave a comment

Leave a Reply