গুৱাহাটী – বছৰৰ দ্বিতীয়টো বানত সৰ্বস্বান্ত অসম৷ ইতিমধ্যে বান আৰু ভূমিস্খলনত অসমত মৃত্যু হৈছে ১২১গৰাকী লোকৰ৷ আক্ৰান্ত হৈছে প্ৰায় ২৫ লক্ষাধিক লোক৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেতিয়াবা কৈছে কেন্দ্ৰৰ বান সাহায্যৰ প্ৰয়োজন নাই। ইফালে প্ৰতিদিনে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ ধন সোঁত বোৱাই থকাও হৈছে।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ফোনযোগে অসমৰ বান পৰিস্থিতিৰ বুজ লৈয়েই দায়িত্ব সামৰিছে বুলি অভিযোগ উঠিছে। লগতে অভিযোগ উঠিছে বান নিয়ন্ত্ৰণৰ ক্ষেত্ৰত অসমক আকৌ এবাৰ প্ৰবঞ্চনা কৰা হৈছে। এই পৰ্যন্ত কোনো কেন্দ্ৰীয় মন্ত্ৰী অসমৰ বান পৰিস্থিতিৰ বুজ ল’বলৈ নহা, কোনো ধৰণৰ সাহায্য পেকেজ ঘোষণা নকৰাক লৈও চৰম সমালোচনাৰ সমূখীন হৈছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰ।
ইয়াৰ মাজতে কেন্দ্ৰীয় চৰকাৰে অষ্টলক্ষ্মী বুলি অভিধা দিয়া উত্তৰ-পূৱৰ দুৱাৰমুখৰ প্ৰতি দৰদৰ স্বৰূপ উন্মোচন কৰিলে নগাঁৱৰ সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে। সাংসদগৰাকীৰ এক ছ’চিয়েল মিডিয়া পোষ্টত সদৰী কৰা অনুসৰি সাংসদ বৰদলৈয়ে ভাৰত চৰকাৰৰ জলশক্তি বিভাগৰ এগৰাকী শীৰ্ষ আমোলাৰ পৰা অসমত এইবছৰ বানপানী প্ৰতিৰোধ বা বিভাগটোৰ তৰফৰ পৰা লোৱা কোনো কাৰ্যকৰী ব্যৱস্থাৰ বিষয়ে জানিবলৈ বিচাৰিছিল। বৰদলৈৰ প্ৰশ্নত বিষয়াগৰাকীয়ে কয়, বানতো অসমত প্ৰতি বছৰেই হয়, ইয়াত নতুনকৈ কি কৰিবলগীয়া আছে !

তেওঁ পোষ্টটোত উল্লেখ কৰিছে, সংসদত দিয়া তথ্যমতেই বিগত চাৰি বছৰত ( ২০১৮-২০২২) কেন্দ্ৰীয় চৰকাৰে অসমক বান আদিৰ বাবে NDRFৰ শিতানত মাত্ৰ ৪৪.৩৭ কোটি টকাহে মুকলি কৰি দিছে। এই সম্পৰ্কত ২৫ জুনত ভাৰতৰ প্ৰধানমন্ত্ৰীলৈ এখন পত্ৰ প্ৰেৰণ কৰা বুলিও উল্লেখ কৰাৰ লগতে পত্ৰখনৰ প্ৰতিলিপিও পোষ্ট কৰে প্ৰদ্যুৎ বৰদলৈয়ে৷

পত্ৰখনত সাংসদ বৰদলৈয়ে প্ৰতিবছৰে বান বিধ্বস্ত অসমক পুনৰ্নিমাণ কৰিবৰ বাবে কেৱল আৰ্থিক অনুদান দিয়াই নহয়, অসমৰ এই বান দুৰ্যোগৰ স্থায়ী বা দীৰ্ঘম্যাদী সমাধানৰ বাবে এক সামগ্ৰিক পৰিকল্পনাৰো প্ৰয়োজন আছে বুলি উল্লেখ কৰে৷ পত্ৰখনত সাংসদগৰাকীয়ে লোকসভাত উত্থাপিত তথ্যৰ উদ্ধৃতি দি উল্লেখ কৰিছে যে ২০১৮-১৯, ২০১৯-২০ আৰু ২০২১-২২ বৰ্ষত অসমৰ বাবে এনডিআৰএফৰ অধীনত কোনো পুঁজি মোকলাই দিয়া নহ’ল। ইফালে ২০২০-২১ বৰ্ষত অসম চৰকাৰে বান মোকাবিলা সংক্ৰান্তীয় বিভিন্ন কাৰ্যৰ বাবে ২৬৪২.৯৯ কোটি টকা বিচাৰিছিল যদিও মাত্ৰ ৪৪.৩৭ কোটি টকাহে মোকলাই দিয়া বুলিও আক্ষেপেৰে উল্লেখ কৰে।
অসমৰ প্ৰায় ৩২ লাখ হেক্টৰ ভূমি বানাক্ৰান্ত হোৱাৰ সময়তো কেন্দ্ৰ চৰকাৰে অসমৰ বানক লৈ এনেদৰে নিৰুদ্বিগ্ন হৈ থকা বিষয়টোত প্ৰধানমন্ত্ৰীৰ হস্তক্ষেপ বিচাৰিছে সাংসদগৰাকীয়ে।