নিউজ ডেস্ক : দেওবাৰে ৰাজ্যত ৪১১ গৰাকী ব্যক্তিৰ দেহত ক’ভিড পজিটিভ পোৱা যায়। ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান, অসমৰ তথ্য অনুসৰি কালিৰ দিনটোত ১০ জন ক’ভিড ৰোগীয়ে প্ৰাণ হেৰোৱাব লগা হয়।
এই পৰ্য্যন্ত ৰাজ্যত মুঠ ক’ভিড পজিটিভ লোকৰ সংখ্যা হৈছে ৫,৭৯,৮৯৯ গৰাকী। ইয়াৰে ৫,৬৫,০৮৭ গৰাকী লোক সুস্থ হৈ উঠাৰ বিপৰীতে ৫,৪৯২ গৰাকী লোকৰ মৃত্যু হৈছে।
যোৱা ২৪ ঘণ্টাত মুঠ ৪৯,৬৯৩ গৰাকী লোকৰ ক’ভিড পৰীক্ষা কৰা হৈছিল, সেই অনুসৰি ৰাজ্যত কালিৰ দিনটোত আক্ৰান্তৰ হাৰ আছিল .৮৩ শতাংশ।
শনিবাৰে ৰাজ্যত ১১ জন ক’ভিড ৰোগীৰ মৃত্যু হোৱাৰ বিপৰীতে ৭৫৫ জন লোকৰ দেহত ক’ভিড পজিটিভ ধৰা পৰিছিল, তদুপৰি আক্ৰান্তৰ হাৰ আছিল .৭০ শতাংশ।
দেওবাৰে মৃত্যু হোৱা ১০ গৰাকী ক’ভিড ৰোগীৰ ২ গৰাকী যোৰহাটৰ হোৱাৰ বিপৰীতে ডিব্ৰুগড়, কামৰূপ গ্ৰাম্য, কাৰ্বি আংলং, মৰিগাঁও, নলবাৰী, শিৱসাগৰ আৰু শোণিতপুৰৰ এগৰাকীকৈ ব্যক্তিৰ মৃত্যু হয়।
আনহাতে, আক্ৰান্ত সকলৰ ভিতৰত কামৰূপ মহানগৰত সৰ্বাধিক ৯০ জন লোক আক্ৰান্ত হোৱাৰ বিপৰীতে শিৱসাগৰৰ ২৫ জন, গোলাঘাটৰ ২৩ জন আৰু লখিমপুৰৰ ২২ জন লোকৰ শৰীৰত ক’ভিড ১৯ ধৰা পৰে।
লগতে পঢ়ক : শ্বিলং আকৌ অশান্ত, সান্ধ্যআইন জাৰি, ইন্টাৰনেট সেৱা কৰ্তন