গুৱাহাটীঃ বৃহস্পতিবাৰৰ দিনটোত অসমত নতুনকৈ কোভিডত আক্ৰান্ত হৈছে ২৭৩ জন। আক্ৰান্ত সকলৰ ভিতৰত কামৰূপ মহানগৰ জিলাৰ ১০০জন, কামৰূপ গ্ৰাম্য জিলাৰ ৪৬জন, ডিব্ৰুগড়ৰ ২৪জন আৰু দৰং জিলাৰ ১৭জন। এই আক্ৰান্তৰ সংখ্যা বিগত পাঁচমাহৰ ভিতৰত সৰ্বোচ্চ আছিল। ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানে প্ৰকাশ কৰা তথ্য অনুসৰি অসমত সক্ৰিয় কোভিড ৰোগীৰ সংখ্যা ১,১৩৮জন। বৃহস্পতিবাৰৰ দিনটোত ২,৬৩১ গৰাকী লোকৰ কোভিড পৰীক্ষা কৰা হৈছিল।
১০মাৰ্চত অসমত এগৰাকীয়ো লোক কোভিডত আক্ৰান্ত হোৱা নাছিল। কিন্তু বিগত কেইসপ্তাহ ধৰি পুনৰ কোভিডৰ সংক্ৰমণ অসমত বৃদ্ধি পাব ধৰিছে। ৬জুলাইত অসমত কোভিডত আক্ৰান্ত হৈছিল ১৯৬জন।
আনহাতে সমগ্ৰ দেশত ২৪ঘন্টাত কোভিডত আক্ৰান্ত হৈছে ১৮,৮১৫ গৰাকী।