মঙলবাৰে ৰাজ্যত ৪,৪৭৫ গৰাকী ব্যক্তিৰ শৰীৰত ক’ভিড পজিটিভ  ধৰা পৰাৰ লগতে ক’ভিডত আক্ৰান্ত হৈ থকা ৪১ গৰাকী ব্যক্তিৰ মৃত্যু হয়।

ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান অসমে দিয়া তথ্য অনুসৰি ৰাজ্যত কালিৰ দিনটোত ক’ভিড আক্ৰান্তৰ হাৰ আছিল ৮.১৪ শতাংশ।

সোমবাৰে অসমত ক’ভিড আক্ৰান্ত লোকৰ হাৰ আছিল ৮.০২ শতাংশ শতাংশ আৰু মৃত্যু হোৱা লোকৰ সংখ্যা আছিল ২৯ গৰাকী।

কালি ৰাজ্যত ৫৫,০০৩ গৰাকী ব্যক্তিৰ ক’ভিড পৰীক্ষা কৰা হৈছিল।

উল্লেখযোগ্য যে সোমবাৰ পৰ্য্যন্ত অসমত ১,৪৩০ গৰাকী লোকে ক’ভিডত আক্ৰান্ত হৈ মৃত্যুক সাবটি লৈছে।

কালি মৃত্যু হোৱা ৪১ গৰাকী ব্যক্তিৰ ১৫ গৰাকী কামৰূপ মহানগৰৰ, ৪ গৰাকী ডিব্ৰুগড়ৰ, ৩ গৰাকীকৈ যোৰহাট আৰু ওদালগুৰিৰ, ২ গৰাকীকৈ দৰং, গোলাঘাট, কামৰূপ গ্ৰাম্য আৰু তিনিচুকীয়াৰ, ১ গৰাকীকৈ বাক্সা, বৰপেটা, ডিব্ৰুগড়, গোৱালপাৰা, লখিমপুৰ, নগাঁও, নলবাৰী আৰু শোণিতপুৰ জিলাৰ।

আনহাতে আক্ৰান্ত লোকৰ সংখ্যা কামৰূপ মহানগৰ জিলাত সৰ্বাধিক ১,৪১৭ গৰাকী, ডিব্ৰুগড়ত ৪২২ গৰাকী, কামৰূপ গ্ৰাম্যত ৪০৬ গৰাকী, আৰা নগাঁত ২২২ গৰাকীকৈ ব্যক্তিৰ ক’ভিড ধৰা পৰে।

বৰ্তমান ৰাজ্যত ক’ভিডত আক্ৰান্ত হৈ থকা লোকৰ সংখ্য হৈছে ২৮,০৬০ গৰাকী।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,219 other subscribers

Leave a comment

Leave a Reply