গুৱাহাটী : মঙলবাৰে ৰাজ্যত ৪,৬৮২ গৰাকী লোকৰ শৰীৰত ক’ভিড-১৯ ধৰা পৰিছে। ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান, অসমৰ তথ্য অনুসৰি যোৱা ২৪ ঘণ্টাত ৫১ জন ক’ভিড ৰোগীৰ মৃত্যু হয়।
কালিৰ দিনটোত মুঠ ১,১৫,৫১৩ গৰাকী লোকৰ ওপৰত ক’ভিডৰ পৰীক্ষ৩ কৰা হৈছিল, সেই অনুসৰি ক’ভিডত আক্ৰান্তৰ হাৰ আছিল ৪.০৫ শতাশং।
সোমবাৰে ৰাজ্যখনত ৪,৩৪৮ গৰাকী ক’ভিড পজিটিভ ৰোগী ধৰা পৰিছিল।
লগতে পঢ়ক : ইষ্টম’জ’ বিশেষ : ক’ভিডৰ চিকিৎসাৰ নামত কি চলিছে ৰাজ্যত ? ১৫ লাখ টকা পৰ্য্যন্ত চিকিৎসা ব্যয়
মঙলবাৰে ৰাজ্যখনৰ ভিতৰত কামৰূপ মহানগৰত আটাইতকৈ বেছি (৭জন) লোকৰ মৃত্যু হোৱাৰ বিপৰীতে ডিব্ৰুগড়ত ৬জন, কামৰূপ গ্ৰাম্যত ৫জন আৰু কাচাৰ, নগাঁও, শিৱসাগৰ, হোজাই আৰু তিনিচুকীয়াত ৪জনকৈ ক’ভিড ৰোগীৰ মৃত্যু হয়।
আনহাতে সৰ্বাধিক সংখ্যক ক’ভিড পজিটিভ ৰোগী ধৰা পৰা জিলাকেইখন হৈছে – তিনিচুকীয়া (৫১৭), কামৰূপ মহানগৰ (৪০৩), কাচাৰ (৩২৪) আৰু নগাঁও (৩০৭)।
উল্লেখযোগ্য যে এই পৰ্য্যন্ত ৰাজ্যত ৩,৪১৬ গৰাকী লোকৰ ক’ভিডত আক্ৰান্ত হৈ মৃত্যু হৈছে।