নিউজ ডেস্ক: ২০২০ চনৰ এপ্ৰিলৰ পৰা ২০২২ চনৰ মাৰ্চলৈকে অসমত উত্তৰ-পূবৰ ৰাজ্যসমূহৰ ভিতৰত সৰ্বাধিক সংখ্যক লোক আৰক্ষীৰ জিম্মাত তথা এনকাউন্টাৰত নিহত হৈছে।

অলপতে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ এক তথ্যত এই কথা প্ৰকাশ পাইছে।

সাংসদ ড০ আব্দুচামাদ চামাণ্ডিৰ এক প্ৰশ্নৰ উত্তৰত গৃহ মন্ত্ৰালয়ে উত্তৰ-পূবত আৰক্ষীৰ জিম্মাত আৰু এনকাউন্টাৰত হোৱা মৃত্যুৰ তথ্য এনেধৰণৰ –

অসমত ৪১ জন লোক আৰক্ষীৰ জিম্মাত মৃত্যু হোৱাৰ বিপৰীতে ২২ জনৰ আৰক্ষীৰ এনকাউন্টাৰত মৃত্যু হৈছে।

নাগালেণ্ডত ১ জন লোক আৰক্ষীৰ জিম্মাত মৃত্যু হোৱাৰ বিপৰীতে ১ জনৰ আৰক্ষীৰ এনকাউন্টাৰত মৃত্যু হৈছে।

মণিপুৰত ২ জন লোক আৰক্ষীৰ জিম্মাত মৃত্যু হোৱাৰ বিপৰীতে ১ জনৰ আৰক্ষীৰ এনকাউন্টাৰত মৃত্যু হৈছে।

মেঘালয়ত ২০ জন লোক আৰক্ষীৰ জিম্মাত মৃত্যু হোৱাৰ বিপৰীতে ২ জনৰ আৰক্ষীৰ এনকাউন্টাৰত মৃত্যু হৈছে।

ছিকিমত ৬ জন লোক আৰক্ষীৰ জিম্মাত মৃত্যু হোৱাৰ বিপৰীতে আৰক্ষীৰ এনকাউন্টাৰত এজনো লোকৰ মৃত্যু হোৱা নাই।

ত্ৰিপুৰাত ৭ জন লোক আৰক্ষীৰ জিম্মাত মৃত্যু হোৱাৰ বিপৰীতে আৰক্ষীৰ এনকাউন্টাৰত এজনো লোকৰ মৃত্যু হোৱা নাই।

মিজোৰামত ১১ জন লোক আৰক্ষীৰ জিম্মাত মৃত্যু হোৱাৰ বিপৰীতে আৰক্ষীৰ এনকাউন্টাৰত এজনো লোকৰ মৃত্যু হোৱা নাই।

অৰুণাচল প্ৰদেশত ৫ জন লোক আৰক্ষীৰ জিম্মাত মৃত্যু হোৱাৰ বিপৰীতে ১ জনৰ আৰক্ষীৰ এনকাউন্টাৰত মৃত্যু হৈছে।

লগতে পঢ়ক – ইলেক্ট্ৰনিক্স আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয়ত নিযুক্তিৰ বাবে আৱেদন আহ্বান

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,870 other subscribers

Leave a comment

Leave a Reply