নিউজ ডেস্ক: একেৰাহে পঞ্চম বৰ্ষৰ বাবে মহিলাৰ বিৰুদ্ধে সংঘটিত অপৰাধৰ ক্ষেত্ৰত অসমে পুনৰ দেশৰ শীৰ্ষস্থান কৰিছে।

নেশ্যনেল ক্ৰাইম ৰেকৰ্ড ব্যুৰো (NCRB)-ৰ শেহতীয়া তথ্য অনুসৰি ২০২১ চনত অসমত মহিলাৰ বিৰুদ্ধে সংঘটিত অপৰাধৰ হাৰ আছিল ১৬৮.৩।

NCRB –ৰ উক্ত প্ৰতিবেদন মতে অসমত মহিলাৰ বিৰুদ্ধে সংঘটিত অপৰাধৰ হাৰ ৰাষ্ট্ৰীয় হাৰ (৬৪.৫)-তকৈ যথেষ্ট বেছি। এইক্ষেত্ৰত অসমৰ পিছতে থকা আন দুখন ৰাজ্য হৈছে দিল্লী (১৪৭.৬) আৰু উড়িশা (১৩৭.৮)।

বিগত ৫ বছৰত অসমত মহিলাৰ বিৰুদ্ধে সংঘটিত অপৰাধৰ হাৰ ক্ৰমে – ২০১৭ চনত ১৪৩.৩, ২০১৮ চনত ১৬৬, ২০১৯ চনত ১৭৭, ২০২০ চনত ১৫৪.৩ আৰু ২০২১ চনত ১৬৮.৩।

উল্লেখযোগ্য যোৱা বছৰ অসমত পঞ্জীয়ন হোৱা মহিলাৰ বিৰুদ্ধে সংঘটিত অপৰাধৰ মুঠ গোচৰৰ ১২,৯৫০ টা গোচৰেই ভাৰতীয় দণ্ডবিধিৰ ধাৰা ৪৯৮এ-ৰ অধীনত ভুক্তভোগীৰ স্বামী বা স্বামীৰ আত্মীয় লোকে সংঘটিত কৰিছে।

তদুপৰি ২০২১ চনত অসমত মহিলাৰ ৫৮৬৬ টা অপহৰণৰ গোচৰ নথিভুক্ত কৰা হৈছিল।

ইয়াৰ উপৰি POCSO আইনৰ অধীনত অসমত ১৯৪৮ টা গোচৰ ৰুজু কৰা হৈছিল, ইয়াৰে ১৩১৭ টা শিশু ধৰ্ষণ, ৪২৪ টা যৌন অত্যাচাৰ, আৰু ১৫৮ টা যৌন নিৰ্যাতনৰ ঘটনা আছিল।

লগতে পঢ়ক – কোৰান নোহোৱা হ’লেই মানুহৰ মাজত শান্তি সম্প্ৰীতি আহিব: সত্যৰঞ্জন বৰা

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,481 other subscribers

Leave a comment

Leave a Reply Cancel reply