গুৱাহাটীঃ অসমত বৃদ্ধি পাইছে কোভিডত আক্ৰান্তৰ সংখ্যা। ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনত প্ৰকাশিত তথ্য অনুসৰি অসমত নতুনকৈ কোভিডত আক্ৰান্ত হৈছে ২৯৪জন লোক। আক্ৰান্ত সকলৰ ভিতৰত কামৰূপ মেট্ৰ’ (৯২), কামৰূপ গ্ৰাম্য জিলা(৪২), দৰং(২৫) আৰু ডিব্ৰুগড়(১৮)জন।
ৰাজ্যখনত বৰ্তমান সক্ৰিয় ৰোগীৰ সংখ্যা ১৩৭০জনলৈ বৃদ্ধি পাইছে আনহাতে সুস্থ হৈ উঠিছে ৬০জন। শুকুৰবাৰৰ দিনটোত কোভিডত মৃত্যু হৈছে দুজনৰ। মৃত দুজন কামৰূপ মেট্ৰ’ৰ।
কালিৰ দিনটোত ২৬২৫ গৰাকী লোকৰ কোভিড পৰীক্ষা কৰা হৈছিল। উল্লেখ্য যে, অসমত সৰ্বমুঠ কোভিডত আক্ৰান্ত হোৱা ৰোগীৰ সংখ্যা ৭,২৬,২৪৪জন।