গুৱাহাটী : শুকুৰবাৰে ৰাজ্যত ২,৭৯৩ গৰাকী লোৰৰ শৰীৰত ক’ভিড ১৯ ধৰা পৰে, ফলত এই পৰ্য্যন্ত অসমত ক’ভিডত আক্ৰান্ত হোৱা লোকৰ সংখ্যা ৪,৯৬,৪৮১ জনলৈ বৃদ্ধি পাইছে।
ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান, অসমত প্ৰকাশ পোৱা তথ্য অনুসৰি শুকুৰবাৰে ৰাজ্যত ২৬ গৰাকী ক’ভিড ৰোগীৰ মৃত্যু হয়, মুঠ মৃত্যু হোৱা লোকৰ সংখ্যা ৪,৩৭০ গৰাকীলৈ বৃদ্ধি পায়।
কালিৰ দিনটোত শোণিতপুৰ জিলাত সৰ্বাধিক ২৯৬ টা পজিটিভ কেচ ধৰা পৰাৰ উপৰি গোলাঘাটত ২৪১ টা, যোৰহাটত ১৮৮ টা, বিশ্বনাথত ১৭৪ টা আৰু কামৰূপ মহানগৰত ১৬৫ টা পজিটিভ কেচ ধৰা পৰে।
লগতে পঢ়ক : গোৰেশ্বৰৰ এগৰাকী যুৱকৰ প্ৰশংসনীয় পদক্ষেপ
মৃত্যু হোৱা লোকসমূহৰ ভিতৰত ডিব্ৰুগড়ত ৪ জন, কামৰূপ গ্ৰাম্যত ৩ জন আৰু গোৱালপাৰা, কামৰূপ মহানগৰ, কৰিমগঞ্জ, লখিমপুৰ আৰু উদালগুৰিত ২ জনকৈ লোকৰ মৃত্যু হোৱাৰ বিপৰীতে কাচাৰ, চিৰাং, ধুবুৰী, হোজাই, নগাঁও, যোৰহাট, নলবাৰী, শিৱসাগৰ আৰু শোণিতপুৰত ১ জনকৈ লোকৰ মৃত্যু হয়।
ৰাজ্যখনত বৰ্তমান ২৮,৪৫৭ জন লোক ক’ভিডত আক্ৰান্ত হৈ থকাৰ বিপৰীতে ৪,৬২,৩০৭ গৰাকী লোক ক’ভিডৰ পৰা সুস্থ হৈ উঠিছে। যোৱা ২৪ ঘণ্টাত ৩,৯৭৭ গৰাকী ব্যক্তি সুস্থ হৈ উঠে।
উল্লেখযোগ্য যে এই পৰ্য্যন্ত মুঠ ১,৩৪৭ গৰাকী ক’ভিড ৰোগীৰ আন আনুষংগিক কাৰণত মৃত্যু হৈছে।