নিউজ ডেস্ক : অসমত প্ৰথমটো অ’মিক্ৰণৰ ঘটনা ধৰা পৰিছে। সোণাপুৰৰ ডিগাৰুৰ মৈৰাকুছিৰ এটা ভাৰা ঘৰত থকা মুন্না দাস আৰু পুৰ্ণিমা দাসৰ ১৩ বছৰীয়া পুত্ৰৰ দেহত অ’মিক্ৰণ ভেৰিয়েন্ট ধৰা পৰিছে।
প্ৰাপ্ত তথ্য মতে যোৱা ২২ ডিচেম্বৰত মেঘালয়ত ক’ভিডৰ পৰীক্ষা কৰাত কিশোৰজনৰ দেহত অমিক্ৰন সংক্ৰমণ ধৰা পৰে। কৰ্মসুত্ৰে কিশোৰজনৰ পিতৃ মুম্বাইত থাকে বুলি জানিব পৰা গৈছে।
কিশোৰজনৰ দেহত অ’মিক্ৰণ ধৰা পৰাৰ পিছতে তেওঁলোক থকা ডিগাৰুৰ ভাৰাঘৰটোত চিকিৎসা কৰ্মীৰ লগতে সোণাপুৰ আৰক্ষীৰ এটা দল উপস্থিত হয় যদিও ঘৰত পৰিয়ালটোৰ কোনো লোক উপস্থিত নাছিল।
প্ৰশাসনে পৰিয়ালটোৰ গৃহ চৌহদ কণ্টেইনমেণ্ট জ’ন ঘোষণা কৰাৰ লগতে চুবুৰীয়াৰ ক’ভিড পৰীক্ষাৰ ব্যৱস্থা কৰে। বাতৰি যুগুত কৰা সময়ত সোণাপুৰ আৰক্ষীয়ে ল’ৰাজনৰ সন্ধান অব্যাহত ৰাখিছে।
উল্লেখযোগ্য যে ক’ভিডৰ সংক্ৰমণ পুনৰ বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত মুখ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বৃহস্পতিবাৰে এখন বৈঠক অনুষ্ঠিত কৰি এই সম্পৰ্কত পৰৱৰ্তী সিদ্ধান্ত গ্ৰহণ কৰিব।
লগতে পঢ়ক – কামৰূপ নিৰ্বাচনী জিলাত ভোটাৰৰ সংখ্যা ৭,৭৫,১৫০লৈ বৃদ্ধি