নিউজ ডেস্ক : বৃহস্পতিবাৰে অসমত ১৭ জন ক’ভিড ১৯ত আক্ৰান্ত লোকৰ মৃত্যু হয়। ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান, অসমৰ তথ্য অনুসৰি এই পৰ্য্যন্ত অসমত ৫,৩৪৩ গৰাকী ক’ভিড ৰোগী মৃত্যু হৈছে।

আনহাতে এই পৰ্য্যন্ত ৰাজ্যখনত ক’ভিডত আক্ৰান্ত হোৱা লোকৰ সংখ্যা ৫,৭১,৫৭১ গৰাকীলৈ বৃদ্ধি পাইছে, ইয়াৰে ১,০৬৭ গৰাকী বৃহস্পতিবাৰে নতুনকৈ আক্ৰান্ত হয়।

কালি মৃত্যু হোৱা ১৭ গৰাকী ব্যক্তিৰ ৩ গৰাকী কামৰূপ মহানগৰৰ, দুগৰাকীকৈ বিশ্বনাথ, নলবাৰী আৰু তিনিচুকীয়াৰ আৰু বঙাইগাঁও, ধেমাজী, ডিব্ৰুগড়, গোলাঘাট, যোৰহাট, কামৰূপ গ্ৰাম্য, নগাঁও আৰু শোণিতপুৰৰ এগৰাকীকৈ লোক ক’ভিডত আক্ৰান্ত হৈ মৃত্যু হয়।

কালিৰ দিনটোত আক্ৰান্ত হোৱা সকলৰ ভিতৰত ২০২ গৰাকী কামৰূপ মহানগৰৰ, ৭৬ গৰাকী গোলাঘাটৰ, ৭২ গৰাকী লখিমপুৰৰ আৰু ৭০ শিৱসাগৰ জিলাৰ।

বৃহস্পতিবাৰে ১,২৪৯ গৰাকী ক’ভিড ৰোগী সুস্থ হৈ উঠে। এই পৰ্য্যন্ত সুস্থ হৈ উঠা ৰোগীৰ সংখ্যা হৈছে ৫,৫৪,২০৪ গৰাকী।

ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান, অসমৰ মতে বৰ্তমান ৰাজ্যখনত ১০,৬৭৭ গৰাকী ব্যক্তি ক’ভিডত আক্ৰান্ত হৈ আছে। আনহাতে এতিয়ালৈকে ১.১৮ কোটি লোকক ক’ভিডৰ টীকাকৰণ কৰা হৈছে আৰু ইয়াৰে ২০,৮১,০১৮ গৰাকীয়ে দুইপালি প্ৰতিষেধক লাভ কৰিছে।

লগতে পঢ়ক : মাৰোৱাৰী হাস্পতালত সংযোজন হ’ল নতুন ডাইলেছিছ কেন্দ্ৰ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 5,266 other subscribers

Leave a comment

Leave a Reply