বৃহস্পতিবাৰে ৰাজ্যত ৫,৪৬৮ গৰাকী ব্যক্তিৰ শৰীৰত ক’ভিড পজিটিভ ধৰা পৰাৰ লগতে ক’ভিডত আক্ৰান্ত হৈ থকা ৭৫ গৰাকী ব্যক্তিৰ মৃত্যু হয়।

ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান অসমে দিয়া তথ্য অনুসৰি ৰাজ্যত কালিৰ দিনটোত ক’ভিড আক্ৰান্তৰ হাৰ আছিল ৯.১৮ শতাংশ।

বুধবাৰে অসমত ক’ভিড আক্ৰান্ত লোকৰ হাৰ আছিল ৮.৮৫ শতাংশ আৰু মৃত্যু হোৱা লোকৰ সংখ্যা আছিল ৭১ গৰাকী।

কালি ৰাজ্যত ৫৯,৫৯৪ গৰাকী ব্যক্তিৰ ক’ভিড পৰীক্ষা কৰা হৈছিল।

লগতে পঢ়ক : দেশত প্ৰতিদিনে ক’ভিডত নতুনকৈ আক্রান্ত হৈ আছে তিনি লক্ষাধিক লোক

উল্লেখযোগ্য যে দেওবাৰ পৰ্য্যন্ত অসমত ১,৯৮৪ গৰাকী লোকে ক’ভিডত আক্ৰান্ত হৈ মৃত্যুক সাবটি লৈছে।

কালি মৃত্যু হোৱা ৭৫ গৰাকী ব্যক্তিৰ ২৩ গৰাকী কামৰূপ মহানগৰৰ, ৭ গৰাকী ডিব্ৰুগড়ৰ, ৫ গৰাকীকৈ কামৰূপ গ্ৰাম্য, তিনিচুকীয়াৰ, ৩ গৰাকীকৈ বৰপেটা, দৰং, গোলাঘাট, কাৰ্বি-আংলং, নলবাৰী, শোণিতপুৰৰ, ২ গৰাকীকৈ হোজাই, নগাঁও, ওদালগুৰিৰ, ১ গৰাকীকৈ চৰাইডেউ, ধেমাজি, ধুবুৰী, গোৱালপাৰা, হাইলাকান্দি, যোৰহাট, কৰিমগঞ্জ, লখিমপুৰ আৰু মৰিগাঁৱৰ।

আনহাতে আক্ৰান্ত লোকৰ সংখ্যা কামৰূপ মহানগৰ জিলাত সৰ্বাধিক ১,১৭৩ গৰাকী, ডিব্ৰুগড়ত ৪৫২ গৰাকী, কামৰূপ গ্ৰাম্যত ৪৩১ আৰু নগাঁৱত ৩৩২ গৰাকীকৈ ব্যক্তিৰ ক’ভিড ধৰা পৰে।

বৰ্তমান ৰাজ্যত ক’ভিডত আক্ৰান্ত হৈ থকা লোকৰ সংখ্য হৈছে ৪২,১১৪  গৰাকী।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,219 other subscribers

Leave a comment

Leave a Reply