গুৱাহাটীঃ দেশৰ বিভিন্ন প্ৰান্তৰ লগতে অসমতো বৃদ্ধি পাইছে কোভিড সংক্ৰমণ। অসমত এদিনতে কোভিডত আক্ৰান্ত হ’ল ১৬১জন। আক্ৰান্ত সকলৰ ভিতৰত কামৰূপ মেট্ৰ’ জিলাৰ ৯০জন, কামৰূপ গ্ৰাম্য জিলাৰ ২৪জন, ডিব্ৰুগড়ৰ ১১জন আৰু দৰং জিলাৰ ৭জন। এই আক্ৰান্তৰ সংখ্যা বিগত চাৰিমাহতকৈ সৰ্বোচ্চ আছিল। সোমবাৰে ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানে প্ৰকাশ কৰা তথ্য অনুসৰি অসমত মুঠ কোভিডত আক্ৰান্ত হৈছে ৭,২৫,১৯৭জন। সোমবাৰৰ দিনটোত ১,৬৩১ গৰাকী লোকৰ কোভিড পৰীক্ষা কৰা হৈছিল।

১০মাৰ্চত অসমত এগৰাকীয়ো লোক কোভিডত আক্ৰান্ত হোৱা নাছিল। কিন্তু বিগত কেইসপ্তাহ ধৰি পুনৰ কোভিডৰ সংক্ৰমণ অসমত বৃদ্ধি পাব ধৰিছে। ৩জুলাইত অসমত কোভিডত আক্ৰান্ত হৈছিল ৭৪জন।

আনহাতে সমগ্ৰ দেশত ২৪ঘন্টাত কোভিডত আক্ৰান্ত হৈছে ১৩,০৮৬গৰাকী।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,841 other subscribers

Leave a comment

Leave a Reply Cancel reply